thumbnail

By

Published : Jul 4, 2023, 11:01 PM IST

ETV Bharat / Videos

Landslide in Silchar-Aizawl Route :শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন

ডিফু,4 জুলাই : শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ঘটনা ৷ সোমবাৰৰ নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আইজলৰ সমীপৰ কম্পানী ভেং অঞ্চলত ব্যাপক ভূমিস্খলন সংঘটিত হয় । ফলত স্তব্ধ হৈ পৰিছে যাতায়ত ৷ ৩০৬ নং শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথেৰে যান-বাহন চলাচলত বৰ্তমান ব্যাহত হৈ পৰিছে ৷ ভূমিস্খলনৰ ফলত প্ৰকাণ্ড, প্ৰকাণ্ড শিল আৰু মাটিয়ে পুতি পেলাইছে ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ 

পথৰ দুয়োফালে আবদ্ধ হৈ পৰিছে শ শ যান-বাহন ৷ আনহাতে ৰাজ্য চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাটি আৰু শিল আঁতৰোৱাৰ চেষ্টা কৰি আহিছে । কিন্তু বৰ্তমানেও যাতায়ত চলাচল মুকলি কৰি দিয়া নাই প্ৰশাসনে ৷ ভয়ংকৰ ভূমিস্খলনৰ ফলত মিজোৰামৰ বিভিন্ন স্থানলৈ সামগ্ৰী কঢ়িয়াই নিয়া বাহন আবদ্ধ হৈ পৰাৰ লগতে শিলচৰ অভিমুখী বাহনো আবদ্ধ হৈ পৰিছে ৷ 

লগতে পঢ়ক:Constituency Delimitation 2023: ওদালগুৰি লোকসভা সমষ্টিৰ দাবীত অটল এবছু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.