Jonai Land Dispute: মুনমুনি চাপৰিত ভূমি কেন্দ্ৰিক সংঘাত - Land Conflict in Jonai
🎬 Watch Now: Feature Video
জোনাই,৩ মে': খেতিয়ক আৰু গো-পালকৰ মাজত চলি থকা ভূমি বিবাদক লৈ বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰি অহাৰ উপৰিও জোনাই মহকুমা প্ৰশাসনে সীমা বিবাদক লৈ বিভিন্ন সময়ত গ্ৰহণ কৰি আহিছে পদক্ষেপ । কিন্তু আজি পৰ্যন্ত কোনোধৰণৰ স্থায়ী সমাধান নকৰাত মাজে সময়ে খেতিয়ক আৰু গো-পালকৰ মাজত অব্যাহত আছে এই সংঘাত (Land Dispute case in Jonai) ।
জানিবপৰামতে তল মুনমুনি চৰ চাপৰিত খেতিয়কসকলে ২০১২ চনৰে পৰা নিজৰ নামত নামজাৰি কৰি প্ৰতিবছৰে খাজনা আদায় দি কৰি আহিছে খেতি-বাতি (Land Conflict in Jonai) ৷ তেনে সময়তে সোমবাৰে আবেলি একাংশ খেতিয়কে ট্ৰেক্টৰেৰে মাটি চহাই থকা সময়ত গো-পালকৰ এটা দলে হাতে হাতে দা, লাঠি আৰু জোং লৈ খেদি অহাৰ লগতে ট্ৰেক্টৰখন জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰে বুলি অভিযোগ উত্থাপন কৰে খেতিয়ক ৰাইজে (Jonai Land Dispute) ।
অৱশ্যে খেতিয়কসকলে ঘটনাস্থলীৰ পৰা পলাই কোনোমতে জীৱন ৰক্ষা পৰে বুলি জানিবলৈ দিয়ে (Allegations of land encroachment) । সেয়ে মুনমুনি চৰ-চাপৰিৰ খেতিয়ক আৰু গো-পালকৰ মাজত চলি থকা দীৰ্ঘ দিনীয়া ভূমি বিবাদক জোনাই মহকুমা প্ৰশাসনৰ লগতে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীক অতি শীঘ্ৰে সমাধান কৰি দিবলৈ দাবী জনাইছে অঞ্চলটোৰ খেতিয়ক ৰাইজে ।