Asomiya yuva mancha protest: লখিমপুৰত জ্বলিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পুত্তলিকা - বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 3:46 PM IST

লখিমপুৰ, ২ ছেপ্টেম্বৰ :  লখিমপুৰত জ্বলিল বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ পুত্তলিকা । চাকৰিৰ দালাল আখ্যা দি পুত্তলিকা দাহেৰে প্ৰতিবাদ । শনিবাৰে লখিমপুৰ নগৰৰ মাজ মজিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে । ৰাজ্যত চাকৰিৰ বজাৰ সৃষ্টি কৰি দালাল মেলি ধন সংগ্রহ কৰাৰ অভিযোগ তুলি শনিবাৰে লখিমপুৰত অসমীয়া যুৱ মঞ্চই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

চাকৰিৰ বজাৰৰ দালাল আখ্যা দি অসমীয়া যুৱ মঞ্চই তেওঁৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । নগৰৰ কমলাবাৰী পথত অসমীয়া যুৱ মঞ্চই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ভৱেশ কলিতাৰ দালালৰাজ নচলিব, ভৱেশ কলিতা গ’ বেক, ভৱেশ কলিতাৰ কাম নাই, বিজেপি কাম নাই, বিজেপি মুৰ্দাবাদ আদি শ্ল’গান দি প্ৰতিবাদকাৰী সকলে ভৱেশ কলিতাৰ পুত্তলিকা দাহ কৰে । প্ৰতিবাদস্থলীত অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জীত বৰদলৈয়ে কয় নিবনুৱাক চাকৰি দিম বুলি বিজেপিয়ে বজাৰ খুলি দালাল এৰি দিছে ।

ইতিমধ্যে চাকৰিৰ দালাল দ্বীৱন ডেকাৰ দৰে লোক ধৰা পৰা ঘটনাই এই কথাৰ সত্যতা প্ৰমাণ কৰিছে । চাকৰিৰ দালাল বজাৰখন নলবাৰীৰ পৰা আৰম্ভ হৈছে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত দালালৰাজ চলিছে । দালাল মেলি ধন সংগ্রহ কৰিছে । এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি ভৱেশ কলিতাক জেললৈ প্ৰেৰণ কৰিবলৈয়ো তেওঁ মুখ্যমন্ত্রীক দাবী জনায় । অন্যথা অসমীয়া যুৱ মঞ্চই ৰাজ্যজুৰি জংগী আন্দোলন আৰম্ভ কৰিব আৰু ইয়াৰ পৰা কিবা অবাঞ্ছিত ঘটনা ঘটিলে তাৰ বাবে মুখ্যমন্ত্রী আৰু ভৱেশ কলিতাই দায়ী হ’ব বুলি তেওঁ সকীয়াই দিয়ে ।

লগতে পঢ়ক : Protest in Lakhimpur:কৰ কাটলৰ বিৰুদ্ধে লখিমপুৰত যুৱ পৰিষদৰ ক্ষোভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.