Parag festival in Dhemaji: জোনাইৰ উজনি বিজয়পুৰত পঃৰাগ উৎসৱৰ লাইখুটা স্থাপন

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 11:57 AM IST

thumbnail

জোনাই, ১২ নৱেম্বৰ: জোনাইৰ তাৰি ৰদং উজনি বিজয়পুৰ গাঁৱত পঃৰাগ উৎসৱৰ বাবে লাইখুটা স্থাপন কৰা হয় । গাঁৱখনৰ সহস্ৰাধিক পুৰুষ- মহিলাই ঢোল তালৰ লগতে ঐনিতমৰ তালে তালে নাচি ৰজনজনালে তাৰি ৰদং বাকৰি । যোৱা ৯ নৱেম্বৰত পঃৰাগ উৎসৱ উদযাপনৰ লাইখুটা স্থাপন কৰে পছৰাগ উৎসৱ উদযাপন সমিতিৰ বৰা মনিকান্ত মেদক, বৰানী নয়নমণি পেগু আৰু গাঁওখনৰ গ্ৰামপ্ৰধান দ্বীপক মেদকে ।

উল্লেখযোগ্য যে তাৰি ৰদং উজনি বিজয়পুৰ গাঁৱখনত অহা বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পঃৰাগ উৎসৱ উদযাপনৰ বাবে দিন ধাৰ্য কৰা হৈছে । বুধবাৰে অনুষ্ঠিত কৰা এই পৰাগ উৎসৱ উদযাপনৰ লাইখুটা স্থাপন কৰা অনুষ্ঠানত উপস্থিত থাকে গাঁৱখনৰ বিশিষ্ট ব্যক্তি জন্মেশ্বৰ মেদক, উদযাপন সমিতিৰ সভাপতি সুৱৰাম টাঞ, সম্পাদক ৰাজকুমাৰ পাইট আদি ।

লগতে পঢ়ক:Diwali 2023: এইবাৰ দীপাৱলীত শুভফল লাভ কৰিব এই ৫টা ৰাশিয়ে; ধন-সম্পত্তিৰে নদন-বদন হৈ পৰিব আপোনাৰ জীৱন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.