JJM scheme: লখিমপুৰত জনজীৱন আঁচনিৰ নিৰ্মীয়মান টেংকীৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু - JJM scheme in Lakhimpur
🎬 Watch Now: Feature Video


Published : Oct 1, 2023, 3:57 PM IST
লখিমপুৰ, ১ অক্টোবৰ: লখিমপুৰত নিৰ্মীয়মান জল জীৱন আঁচনিৰ টেংকীৰ পৰা পৰি এজন শ্ৰমিকৰ মৃত্যু হয়। শনিবাৰে নিশা নাওবৈচাত এই শোকাৱহ ঘটনা সংঘটিত হয় ৷ দেওবাৰে পুৱা এই ঘটনা পোহৰলৈ আহে ৷ মৃত যুৱকজন মৰিগাঁৱৰ নিতু বৰদলৈ (২৮) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য় যে, নাওবৈচাৰ টকৌগুৰিত চলি থকা জলজীৱন আঁচনিত বয়িঙৰ কাম কৰিবলৈ শনিবাৰে মৰিগাঁৱৰ পৰা আহিছিল যুৱকজন । নিশা ভাতপানী খাই নিৰ্মীয়মান পানী টেংকীলৈ উঠি গৈছিল যুৱকজন । পিচে অসাৱধানৱশতঃ প্ৰায় ৪০ ফুট উচ্চতাৰ পানী টেংকীটোৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ ৷
নিশাই এই ঘটনা সংঘটিত হৈছিল যদিও যুৱকজনৰ লগৰ কোনো শ্ৰমিকে ঘটনাৰ সন্দৰ্ভত গম পোৱা নাছিল ৷ পুৱাই এজন শ্ৰমিকে যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি দায়িত্বত থকা ঠিকাদাৰক খবৰ দিয়ে ।
ঠিকাদাৰগৰাকীয়ে নাওবৈচা আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । আনহাতে মৃত যুৱকজনৰ পৰিয়ালৰ লোক মৰিগাঁৱৰ পৰা নাওবৈচালৈ আহি আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: Assam Meghalaya Dispute : পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা