thumbnail

Police administration felicitation : তিনিচুকীয়াত আৰক্ষী-প্ৰশাসনক সম্বৰ্ধনা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 9:12 AM IST

তিনিচুকীয়া, 27 অক্টোবৰ : অন্ত পৰিল দুৰ্গা পূজা ৷ তিনিচুকীয়াত দুৰ্গা পূজা শান্তিপূৰ্ণভাৱে অতি আনন্দ উল্লাসেৰে সম্পন্ন হোৱাত তিনিচুকীয়া আৰক্ষী তথা জিলা প্ৰশাসনক বৃহস্পতিবাৰে সন্ধিয়া কৃতজ্ঞতা জ্ঞাপন কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷ তিনিচুকীয়াৰ প্ৰাণকেন্দ্ৰ থানা চাৰিআলিত সন্ধিয়া আয়োজিত এক অনুষ্ঠানত আৰক্ষী, জিলা প্ৰশাসনৰ বিষয়া তথা পৌৰসভাৰ কৰ্মী, বিদ্যুৎ বিভাগৰ কৰ্মীক একোখনকৈ ফুলাম গামোচা আৰু মিঠাইৰ টোপোলাৰে কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷

আৰক্ষী আৰু জিলা প্ৰশাসনৰ সবল নেতৃত্বত দুৰ্গা পূজাৰ আৰম্ভণিৰ পৰা সামৰণিলৈ কোনোধৰণৰ অঘটন ঘটা নাই ৷ লগতে যান-জঁট নিয়ন্ত্ৰণৰ সকলো দিশ সুচাৰুৰূপে ৰূপায়ণ কৰাত ৰাইজে দুৰ্গা পূজাৰ আনন্দ উপভোগ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে শ্ৰমমন্ত্ৰীগৰাকীয়ে ৷ 

এই অনুষ্ঠানত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ লগতে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ, ৱাৰ্ড কমিচনাৰসকল, অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাস, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাই, যান-বাহন বিভাগৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিকুঞ্জ বৰ্মনৰ লগতে কেইবাগৰাকীও বিশেষ ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: Amrit Kalash Yatra : অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত ৰাজ্যপাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.