thumbnail

By

Published : Aug 18, 2022, 10:48 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

কাৰ্বি আংলঙত নিৰ্মিয়মান চাৰিলেনযুক্ত পথৰ প্ৰকৃত হিতাধীকাৰীয়ে ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ

কাৰ্বি আংলঙত নিৰ্মিয়মান চাৰিলেনযুক্ত পথৰ প্ৰকৃত হিতাধীকাৰীৰ ক্ষতিপূৰণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে KSA ৰ ( জেমছন) গোটে । বুধবাৰে ডিফুৰ ছেমছন ছিং ইংতি মেম’ৰিয়েল পাৰ্ক সন্মুখত চাৰিলেনযুক্ত পথৰ দুৰ্নীতি সন্দৰ্ভত KSA সাব্যস্ত কৰে প্ৰতিবাদ (KSA protest at Diphu) ৷ ইয়াৰ পিছত বৃহস্পতিবাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি উক্ত দুৰ্নীতি তদন্ত বিচাৰে KSA ৰ নেতৃবৰ্গই (KSA press conference t on four lane scam at Diphu) । KSA ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মণিৰাম টেৰণে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত উল্লেখ কৰে যে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ যুটীয়া সচিব তথা Competent authority For Land Acquisition (CALA) টেনছিং ৰংপি, মণ্ডল তৰুণ ৰংপি আৰু একাংশ মণ্ডলে হিতাধীকাৰীক ক্ষতিপূৰণ নিদি চাৰিলেনযুক্ত পথৰ ভূমি নিজৰ পৰিয়ালৰ লোকৰ নামত বা নিজৰ নামত নাম জাৰী কৰি লৈছে । সেয়ে শীঘ্ৰে উক্ত বিষয়টোৰ সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক উচিত তদন্তৰ জৰিয়তে বিষয়া দুজনক পদৰ পৰা বৰ্খাস্ত কৰাৰ বাবে দাবী জনাই KSA য়ে ৷ অন্যথা KSA য়ে পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো সংবাদ মাধ্যমৰ জৰিয়তে হুংকাৰ প্ৰদান কৰে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.