Krishna Janmashtami : নগাঁও প্ৰেছ ক্লাৱত জন্মাষ্টমী উদযাপন

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:44 PM IST

thumbnail

নগাঁও, 6 ছেপ্টেম্বৰ : সমগ্ৰ দেশজুৰি বুধবাৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে ৷ দেশৰ লগতে অসমতো প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ ৰাজ্যৰ প্ৰতিখন সত্ৰ, নামঘৰ, বিভিন্ন অনুষ্ঠান আদিত উলহ-মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ 

নগাঁৱৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ কৰ্মব্যস্ততাৰ মাজতে নগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিকসকলেও উদযাপন কৰিলে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নগাঁও প্ৰেছ ক্লাৱত বুধবাৰে সন্ধিয়া বিৰাজ কৰিছে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ ৷ সন্ধিয়া নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈছে নাম প্ৰসংগ ৷ প্ৰেছ ক্লাবৰ বিষয়ববীয়া তথা সাংবাদিকসকলে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত ৷ 

লগতে পঢ়ক : Krishna Janmashtami:ঢেকীয়াখোৱা বৰনামঘৰত জন্মাষ্টমী পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.