Koch Rajbongchi Student Union Press Meet: কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত চৰকাৰে হেতালি খেলিছে

By

Published : Nov 22, 2022, 10:52 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
অসমৰ বৃহৎ কোচ ৰাজবংশী জনগোষ্ঠীটোক লৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে হেতালি খেলিবলৈ এৰা নাই । জনগোষ্ঠীটোৰ মৰ্মবেদনা নুবুজি জনগোষ্ঠীটোক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে ৷ ২০১৪ চনত বঙাইগাঁওলৈ আহি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী জনসভাত কেন্দ্ৰত বিজেপি চৰকাৰ হলে মাত্ৰ ছয় মাহৰ ভিতৰত কোচ ৰাজবংশীকসকলক জনজাতিৰ স্বীকৃতি দিব বুলি কোৱা প্ৰতিশ্ৰুতি আজি ফুটুকাৰ ফেনত পৰিণত হ'ল (Koch Rajbongchi press meet) ৷ মঙলবাৰে বঙাইগাঁৱত এখন সংবাদমেল সম্বোধন কৰি আক্ৰাছুৰ বিষয়ববীয়াসকলে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে (Koch Rajbongci Student Union press meet in Bongaigaon)৷ যোৱা ২০ নৱেম্বৰত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত আক্ৰাছু, চিলাৰায় সেনা আৰু মহিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অনুসৰি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত পুনৰ আন্দোলন কাৰ্যসূচী লোৱা হৈছে । আন্দোলন কাৰ্যসূচী অনুসৰি অহা ৬ ডিচেম্বৰ জিলাই জিলাই জোৰ লৈ সমদল,বিধানসভাৰ শীতকালীন অধিৱেশনত দিছপুৰ ঘেৰাও,১১ জানুৱাৰীত ধুবুৰীৰ ছাগলীয়াত ১২ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ,৩১ জানুৱাৰী চিৰাঙৰ বাসুগাঁৱত ১২ ঘন্টীয়া ৰেলপথ অৱৰোধ, ফেব্ৰুৱাৰী মাহত বঙাইগাঁৱত বিশাল গণসমাৱেশ লোৱা হ'ব বুলি সংবাদমেলখনত সদৰী কৰা হয় ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.