শ্ৰীনগৰৰ পৰা চাইকেলৰে ভাৰত ভ্ৰমণ পদ্মশ্ৰী ড৹ কিৰণ শেঠৰ - চাইকেলৰে ভাৰত ভ্ৰমণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-01-2024/640-480-20403990-thumbnail-16x9-baska-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 1, 2024, 5:02 PM IST
বাক্সা, ১ জানুৱাৰী: ভাৰতৰ বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ পদ্মশ্ৰী প্ৰাপক ড৹ কিৰণ শেঠে ৭৪ বছৰতো চাইকেলেৰে ভাৰত ভ্ৰমণ কৰিছে । ভাৰতৰ যুৱ সমাজৰ মাজত ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু প্ৰাচীন কলাসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৭৪ বছৰীয়া বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞগৰাকীয়ে যোৱা ১৫ আগষ্টত জন্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ পৰা চাইকেলেৰে ভাৰত ভ্ৰমণ আৰম্ভ কৰিছিল । বছৰৰ শেষৰ দিনটোত বিয়লিৰ ভাগত ড৹ কিৰণ শেঠ উপস্থিত হয় নলবাৰী জিলাৰ টিহুত ।
টিহুৰ বিভিন্ন দল সংগঠনে তেওঁক উষ্ম আদৰণি জনায় । ভাৰতীয় শাস্ত্ৰীয় সংগীত,নৃত্য,কলা, লোকসংগীত, নাটক আৰু যোগৰ জৰিয়তে যুৱ সমাজক উদ্বুদ্ধ কৰাটোৱেই তেওঁৰ অন্যতম উদ্দেশ্য । গান্ধীবাদী চিন্তাধাৰাৰে আগবঢ়া ড৹ কিৰণ শেঠে চাইকেলেৰে ইতিমধ্যে দেশৰ ৫০০ খন চহৰত উপস্থিত হৈ কেইবাখনো বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিছে । এই ভ্ৰমণকালত তেওঁ গুৱাহাটীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন ভ্ৰমণ কৰি যুৱ সমাজৰ সৈতে মত বিনিময় কৰিব বুলি মন্তব্য় কৰিছে ।
লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাই অসমৰ যিকোনো সমষ্টিৰ পৰাই নিৰ্বাচন খেলিলেই জিকিব- মন্ত্ৰী যোগেন মহন