কোকৰাঝাৰত এনকাউন্টাৰৰ ঘটনা, গুলীবিদ্ধ হত্যাকাৰী শম্ভূ কাহাৰ ওৰফে শীল
🎬 Watch Now: Feature Video
কোকৰাঝাৰ, 7 ডিচেম্বৰ : বুধবাৰে নিশা পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ মাৰণাস্ত্ৰ ৷ কোকৰাঝাৰৰ আমগুৰীত হত্যাকাৰীলৈ লক্ষ্য কৰি নিশা কোকৰাঝাৰ আৰক্ষীয়ে বন্দুকৰ পৰা এৰিলে তপত গুলী ৷ ফলত আহত হৈছে হত্যাকাৰী শম্ভূ কাহাৰ ওৰফে শীল ৷ আহত শীলক বৰ্তমান কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে, আহত শীল স্বাস্থ্যৰ অৱস্থা বৰ্তমান সংকট মুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে ৷
উল্লেখ্য যে, শম্ভূ কাহাৰ ওৰফে শীলে 29 নৱেম্বৰৰ পুৱা কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন চক্ৰৱৰ্তী আৰু তেওঁৰ পত্নী মধুমিতা বেনাৰ্জীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল । ফলত তপন চক্ৰৱৰ্তীৰ মৃত্যু হৈছিল । ইফালে ঘটনাৰ দিনাখনে ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহাৰ কৰা এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । আনহাতে, হত্যাকাণ্ডত ব্যৱহাৰ কৰা আন এখন চোকা অস্ত্ৰ লুকুৱাই থোৱা বুলি স্বীকাৰ কৰিছিল হত্যাকাৰী শীলে ৷ সেয়ে বুধবাৰে নিশা লুকুৱাই থোৱা আন এখন দা উদ্ধাৰৰ বাবে আৰক্ষীয়ে আমগুৰী এলেকালৈ লৈ গৈছিল হত্যাকাৰী শীলক।
কিন্তু লুকুৱাই থোৱা দা দেখুৱাই দিয়াৰ সময়তে শম্ভূৱে আৰক্ষীৰ বেষ্টনিৰ পৰা পলায়নৰ চেষ্টা কৰে । ফলত আৰক্ষীয়ে উপায়বিহীন হৈ গুলীচালনা কৰে । আৰক্ষীৰ গুলীচালনাত শীলৰ বাওঁভৰিত গুলী লাগে ।
লগতে পঢ়ক : বেশ মিস্ত্ৰীৰ উদ্দেশ্য ডকাইতিৰ; আৰক্ষীৰ জালত কোকৰাঝাৰৰ তপন চক্ৰৱৰ্তীৰ হত্যাকাৰী শম্ভূ