Dhemaji Medical College: ২০২৫ অক্টোবৰত সম্পূৰ্ণ হ'ব ধেমাজি চিকিৎসা মহাবিদ্যালয়; স্বাস্থ্য মন্ত্ৰী - ২০২৫ অক্টোবৰত সম্পূৰ্ণ ধেমাজি চিকিৎসা মহাবিদ্যালয়
🎬 Watch Now: Feature Video
ধেমাজি, ৪ জুন: ধেমাজি জিলাৰ খুবলীয়া হিলৈদাৰী গাঁৱত ৬০০৫.২৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাত থকা ৪৩০ খন বিচনাযুক্ত ধেমাজি চিকিৎসালয় আৰু ১০০ খন বিচনাযুক্ত ধেমাজি চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজ দেওবাৰে পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health minister visited Dhemaji Medical College construction) ৷ পৰিদৰ্শন কালত তেওঁ ধেমাজি জিলা উপায়ুক্তৰ অংকুৰ ভৰালী আৰু নিৰ্মাণ সংস্থাৰ বিষয়-ববীয়াৰ সৈতে আলোচনাত মিলিত হয় ।
ইপিনে, সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰা মতে, যোৱা বাজেটত ধৰা ধেমাজি চিকিৎসা মহাবিদ্যালয়কে ধৰি পাচঁখন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম বিশেষ ব্যৱস্থাৰে হাতত লোৱা হৈছে ৷ টকা পইচাৰ কাৰণে ৰৈ থাকিব নালাগে ৷ কাম কৰিবলৈ আহোঁতেই, ১৫ শতাংশ ধন আৱন্টন দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, কাম-কাজ নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে জিলা উপায়ুক্তক ৷ ২০২৫ চনৰ অক্টোবৰত ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি কয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷
ইতিমধ্যে চিকিৎসালয়খনৰ চৌহদৰ পকী বেৰকে ধৰি প্ৰাৰম্ভিক কাম-কাজ সমপূৰ্ণ হৈছে ৷ সেয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷
Man dies due to electrocution: বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ অকাল মৃত্যুক লৈ উত্তেজনা