Diphu Sensational Murder : ডিফুৰ লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদমেল

By

Published : Nov 24, 2022, 6:57 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
ডিফুত লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদমেল (Karbi Anglong SP press meet on murder case) । উল্লেখ্য, যোৱা ২২ নৱেম্বৰৰ নিশা ডিফুৰ ৪ মাইলৰ লংকি ইংহি গাঁৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চত্ৰ বেক মৰিয়াই মৰিয়াই হত্যা কৰাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে (sensational murder in Diphu) । আৰক্ষী সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি, বিমল ছিং বে নামৰ ব্যক্তিগৰাকীৰ পত্নী ছেৰদিহুন ইংতিপিৰ লগত অবৈধ সম্পৰ্ক থকাৰ সন্দেহত চত্ৰ বেক বিমল ছিং বে, বাবু ইংতি, হেমছিং ৰংপি আৰু ছেচন ৰংপিয়ে মৰিয়াই মৰিয়াই হত্যা কৰে বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিছতে ২৩ নৱেম্বৰৰ বিয়লি ছেৰদিহুন ইংতিপি নামৰ মহিলাগৰাকীয়েও আত্মহত্যা কৰে (woman suicide in Diphu) ৷ চত্ৰ বেৰ হত্যাক লৈ ২৩ নৱেম্বৰত তেওঁৰ ভাতৃ চিত্ৰ বেয়ে আৰক্ষীক এজাহাৰ দিয়াৰ পিছতে আৰক্ষীয়ে চাৰিওগৰাকীকে গ্ৰেপ্তাৰ কৰে (murder accused arrested in Diphu) ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.