Palm Oil Farm at Boko : বকোত সেউজ তৈল খেজুৰ কৃষক গোটৰ প্ৰশংসনীয় পদক্ষেপ - বকোত সেউজ তৈল খেজুৰ কৃষক গোট
🎬 Watch Now: Feature Video
বকো, ২৪ জুলাই : দেশত প্ৰয়োজন হোৱা মুঠ খোৱাতেলৰ প্ৰায় অৰ্ধাংশ অইন দেশৰ পৰা আমদানি কৰিবলগীয়া হয় । আমদানিকৃত তেলৰ অধিকাংশই হৈছে খেজুৰ তেল বা Palm Oil । শেহতীয়াভাৱে দেশৰ বিভিন্ন প্ৰান্তত তৈল খেজুৰৰ খেতি ব্যাপক হাৰত আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ।
একেদৰে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো খোৱাতেলৰ উৎপাদন বৃদ্ধিৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় তৈলবীজ আৰু তৈল খেজুৰ অভিযান শীৰ্ষক আঁচনি ৰূপায়ণ কৰা হৈছে । ইয়াৰে অংশ হিচাপে বকোত আৰম্ভ হৈছে তৈল খেজুৰ বিপ্লৱ ।
কামৰূপ জিলাৰ বকোৰ মৌমন গাঁৱৰ কেইগৰাকীমান উদীয়মান কৃষকে আগভাগ লৈছে এই তৈল খেজুৰ বিপ্লৱত । এই দলটোৰ তৎপৰতাত সেউজ তৈল খেজুৰ কৃষক গোট নামৰ গোটৰ জৰিয়তে তৈল খেজুৰৰ খেতি আৰম্ভ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় তৈলবীজ আৰু তৈল খেজুৰ অভিযান আঁচনিৰে উপকৃত হৈছে সেউজ কৃষক গোটৰ কৃষকসকল । উল্লেখ্য যে নাৰিকলৰ দৰে এই তৈল খেজুৰৰো প্ৰায় প্ৰতিটো অংশ বিভিন্ন কামত ব্যৱহাৰ হয় ।
লগতে পঢ়ক :Chattisgarh Model in Assam: গুজৰাট নহয়; ছত্তিশগড়ৰ আৰ্হি গ্ৰহণ কৰিব ৰণজিৎ দাসৰ যোগান বিভাগে !