Assam HS results 2023: কলা শাখাত ষষ্ঠ স্থান দখল নলবাৰী শংকৰদেৱ একাডেমীৰ কাব্যশ্ৰী শৰ্মাৰ

By

Published : Jun 6, 2023, 12:11 PM IST

thumbnail

নলবাৰী, 6 জুন : আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল । ফলাফল লাভ কৰাৰ পিচতেই উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল (HS results ) ৷ স্থান লাভ কৰা মহাবিদ্যালয়সমূহৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰতো উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নলবাৰীৰ পৰা উজলিল দুগৰাকীকৈ শিক্ষাৰ্থী । কলা শাখাত নলবাৰীৰ পৰা ষষ্ঠ স্থান দখল কৰিলে কাব্যশ্ৰী শৰ্মাই (Sixth position in HS examination 2023) ।

নলবাৰী শংকৰদেৱ একাডেমীৰ পৰা এই কৃতিত্ব লাভ কৰিলে কাব্যশ্ৰী শৰ্মাই । কাব্যশ্ৰীয়ে সৰ্বমুঠ 500 ৰ ভিতৰত ৪৮১ নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰে । ভৱিষ্যতে কাব্যশ্ৰীয়ে অৰ্থনীতি বিজ্ঞানত অনাৰ্চ লৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ আশা পুহি ৰাখিছে (Assam HS results 2023) । কাব্যশ্ৰী শৰ্মাই পঢ়াৰ উপৰিও গীত গাই ভাল পাই (HS exam results) ৷

লগতে পঢ়ক : HS exam Results 2023 : বাণিজ্য শাখাৰ সপ্তম স্থানত উজ্বলিল তিনিচুকীয়াৰ স্মৃতি ঠাকুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.