Judicial Employees Association strike: ধেমাজিত ন্যায়িক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি - Judicial Employees Association strike
🎬 Watch Now: Feature Video
ধেমাজি,২৭ জুন: শেট্টী কমিচনৰ পৰামৰ্শৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ wp(c)1022/89 গোচৰৰ ০৭/১০/২০০৯ তাৰিখৰ হুকুম সম্পূৰ্ণভাৱে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত আৰু অন্যান্য নায্য প্ৰাপ্তিৰ দাবীত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি পালন । ইয়াৰ অংশ হিচাপে ধেমাজি সদৰতো ধেমাজি জিলা ন্যায়িক কৰ্মচাৰী গোটে মঙলবাৰে ধেমাজি জিলা সত্ৰ ন্যায়িক আদালতৰ সন্মুখত দিনজোৰা সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে ৷
এই কৰ্মবিৰতি প্ৰতিবাদী কাৰ্যসূচীত ধেমাজিৰ ৮৫ জন ন্যায়িক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ ন্যায়িক কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় দৰমহা আয়োগ শেট্টি কমিচনৰ পৰামৰ্শৱলী কাৰ্য্যকৰীকৰণ, পদ অনুসৰি স্নাতক হাৰত দৰমহা প্ৰদান কৰা , ন্যায়িক কৰ্মচাৰী বিসংগতি পূৰ্ণ দৰমহা গাঁঠনি ঠিক কৰা, জিলা আদালত সমুহত গ্ৰেড অনুযায়ী বেঞ্চ ক্লাৰ্কৰ পদ সৃষ্টি কৰা আদি দাবী তোলে ৷
লগতে পঢ়ক: Road Accident: শোকাৱহ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণহীন বাহনে মহতিয়ালে প্ৰাতঃভ্ৰমণকাৰীক