Population control in India: জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবী JSFৰ
🎬 Watch Now: Feature Video
নগাঁও, ১১ জুলাই: জনসংখ্যা নিয়ন্ত্ৰন আইন আৰু অভিন্ন দেৱানী বিধি (UCC) বলৱৎ কৰাৰ দাবীত নগাঁৱত বিশাল সমদল । বিশ্ব জনসংখ্যা দিৱসৰ দিনাই অৰ্থাৎ মঙলবাৰে নগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন চমুকৈ JSFৰ উদ্যোগত উলিওৱা সমদলত বিভিন্ন ধৰ্মাৱলম্বী পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ।
কলঙৰ বাকৰি নগাঁৱৰ নেহেৰু বালিৰ পৰা উলিওৱা সমদলত অংশগ্ৰহণ কৰে শতাধিক সংখ্যালঘূ মহিলায়ো । এক দেশ এক আইনৰ সমৰ্থনত এই মহিলাসকলে অংশগ্ৰহণ কৰে সমদলত । বিশেষকৈ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰে নগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে । জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ বাবে বিগত ১০ বছৰ ধৰি দাবী উত্থাপন কৰি অহাৰ কথাও উল্লেখ কৰে নগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে । উল্লেখ্য় যে ইতিমধ্যে জনসংখ্যা সমাধান ফাউণ্ডেছনৰ নেতৃত্বত জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীত সমগ্ৰ দেশজুৰি অব্যাহত আছে স্বাক্ষৰ অভিযান ৷