Firing in Guwahati: মহানগৰীৰ বিৰুবাৰীত সাংবাদিকৰ শূন্যলৈ গুলীচালনা - শূন্যলৈ গুলীচালনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 3, 2023, 6:40 PM IST

গুৱাহাটী, ৩ এপ্ৰিল: মহানগৰীৰ বিৰুবাৰীত গুলীচালনাৰ ঘটনা ৷ শূন্যলৈ গুলীচালনা এটা ব্যক্তিগত টেলিভিশ্যন চেনেলৰ সাংবাদিকৰ ৷ গুলীচালনা কৰা সাংবাদিকগৰাকীৰ নাম বিনয় কলিতা বুলি জানিব পৰা গৈছে (Journalist opens fire at Birubari ) ৷

গুলীচালনা কৰা বিনয় কলিতাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি চাৰিদিন পূৰ্বে বিৰুবাৰী বজাৰত চলি থকা গাঞ্জাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিছিল তেওঁ ৷ সোমবাৰে বিৰুবাৰীৰ দিশে গৈ থকা অৱস্থাত মহিলাসহ ৫ জনীয়া এটা গাঞ্জা ব্যৱসায়ীৰ দলে বিনয় কলিতা আৰু তেওঁৰ লগত থকা ভিডিঅ সাংবাদিকক মাৰপিট কৰাৰ লগতে অপহৰণৰ চেষ্টা কৰিছিল (Journalist Binoy Kalita open fire) ৷

অপহৰণকাৰীৰ পৰা হাত সাৰিবলৈ নিজৰ লগত থকা অনুজ্ঞাপত্ৰযুক্ত পইন্ট ৩২ পিষ্টলেৰে শূন্যলৈ গুলীচালনা কৰে ৷ ইয়াৰ পাচতেই অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ ঘটনাৰ সন্দৰ্ভত মহিলাসহ ৫ জনক ইতিমধ্যেই আটক কৰিছে বিৰুবাৰী আৰক্ষীয়ে ৷

ইফালে, ঘটনা সন্দৰ্ভত আটক কৰা গাঞ্জা ব্যৱসায়ীয়ে সংবাদমাধ্যমৰ আগত জনোৱা মতে, বিনয় কলিতাই ধন দাবী কৰাক লৈ সংঘাতৰ সৃষ্টি হৈছিল ৷ অভিযোগ অনুসৰি ৬০ হাজাৰ টকা দাবী কৰিছিল সাংবাদিক বিনয় কলিতাই ৷ আৰক্ষীয়ে আটক কৰা লোক কেইজন হ’ল ৰূপ বৰ্মন, শৰৎ সিনহা, বিপ্লৱ সিনহা আৰু ববে বড়ো ৷ এই চাৰিজনৰ লগত আছে দাস উপাধিৰ এগৰাকী মহিলা ৷  

লগতে পঢ়ক: ULFA I letter to Sikhs For Justice: মুখ্যমন্ত্ৰীলৈ খালিস্তানী সংগঠনৰ ভাবুকি; ‘শিখ ফ’ৰ জাষ্টিছ’লৈ পৰেশ বৰুৱাৰ পত্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.