Journalist march to CM residence:মন্দিয়া-জনীয়া উপ জিলাৰ সদৰ স্থাপনৰ দাবীত মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ পদযাত্ৰা - মন্দিয়া জনীয়া উপ জিলাৰ সদৰ স্থাপনৰ দাবী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 3:12 PM IST

বৰপেটা, ২৫ ছেপ্টেম্বৰঃ মন্দিয়া-জনীয়া সমষ্টিক লৈ গঠন কৰা মন্দিয়া উপ-জিলাৰ সদৰ কি হ'ব সেই লৈ আৰম্ভ হৈছে চৰ্চা । ইতিমধ্যে মন্দিয়া,কলগাছিয়া আৰু জনীয়াত মন্দিয়া-জনীয়া উপ-জিলাৰ সদৰ স্থাপনৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছে ৷ মন্দিয়া-জনীয়া উপ-জিলাৰ সদৰ স্থাপনৰ বাবে ভিন্ন স্থানত দাবী উত্থাপন হৈ থকাৰ মাজতে আজি জনীয়া প্ৰেছ ক্লাৱৰ নেতৃত্বত কেইবাজনো সাংবাদিকে জনীয়াৰ পৰা মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ আৰম্ভ কৰিছে পদযাত্ৰা ৷  

জনীয়াৰ সাংবাদিকসকলে চৰকাৰক ঐতিহাসিক জনীয়াত মন্দিয়া-জনীয়া উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপন কৰাৰ দাবী জনাইছে । জনীয়াৰ পৰা বৰপেটাত উপস্থিত হোৱা পদযাত্ৰাকাৰীসকলে তিনি বা চাৰিদিন খোজ কাঢ়ি মুখ্যমন্ত্ৰীৰ বাসভৱনত উপস্থিত হোৱাৰ লক্ষ্য লৈছে ৷ ইমানদূৰ পদব্ৰজে অহা পদযাত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে সাক্ষাতৰ সুবিধা দিয়াৰ লগতে জনীয়াত মন্দিয়া-জনীয়া উপ-জিলাৰ সদৰ স্থাপনৰ দাবী পুৰণ কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক:Massive Erosion at Moinbari: ‘‘ক’ত থাকিম ক’লৈ যাম !’’ মইনবৰীত হিয়া ঢাকুৰিছে খহনীয়াগ্ৰস্তই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.