thumbnail

By

Published : Feb 9, 2023, 6:57 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / Videos

Crackdown on Child Marriage: বাল্য বিবাহবিৰোধী পদক্ষেপৰ সমৰ্থনত ৰাজপথত ওলাল মহিলা

যোৰহাট, 7 ফেব্ৰুৱাৰী:  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে লোৱা কঠোৰ পদক্ষেপক সৰ্মথন জনাই ওলাই আহিল যোৰহাটৰ মহিলা সমাজ (Rally supporting anti Child marriage mission)৷ বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে যোৰহাট নগৰৰ মাজেৰে বৃহস্পতিবাৰে উলিয়াই এক সমদল ৷ বৃহত্তৰ যোৰহাট মহিলা সংগঠনৰ এই পদক্ষেপক শলাগ লৈছে সচেতন যোৰহটীয়া ৰাইজে ।

বৃহত্তৰ যোৰহাট মহিলা সংগঠনে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপক সমৰ্থন জনাই জিলাখনৰ মাজেৰে এক সজাগতা ৰেলী বাহিৰ কৰে (Women rally in Jorhat)। চৰকাৰৰ এই পদক্ষেপে সমাজত গঢ়ি উঠা বাল্য বিবাহৰ দৰে কুসংস্কাৰ আমাৰ সমাজৰ পৰা নাইকিয়া কৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে বৃহত্তৰ মহিলা সমাজে । কাৰণ আমাৰ সমাজৰ আৰ্থিকভাবে দুৰ্বল আৰু শৈক্ষিকভাবে পিচপৰা লোকসকলৰ মাজত বাল্য বিবাহৰ প্ৰৱনতা গঢ়ি উঠা দেখা যায় । ফলত বাল্য বিবাহৰ দৰে এই কুসংস্কাৰ প্ৰথাত সোমাই পৰা এগৰাকী নাবালিকাক মানসিকভাৱে আৰু শাৰীৰিকভাবে দুৰ্বল কৰি তোলে ।

বাল্য বিবাহৰ (Child Marriage) প্ৰথাত সোমাই পৰা এগৰাকী নাবালিকাই উক্ত সময়ছোৱাত মাতৃত্বৰ বোজা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ শাৰীৰিক অৱয়ৱ সম্পূৰ্ণ হৈ নুঠে ৷ এইদৰে মত প্ৰকাশ কৰি যোৰহাট মহিলা সমাজে বাল্য বিবাহ বন্ধ কৰা আৰু সমাজৰ পৰা এনেধৰণ কুসংস্কাৰ নাইকিয়া হোৱাৰ স্বাৰ্থত সজাগতা ৰেলী বাহিৰ কৰে ।

উল্লেখ্য যে ৰাজ্য চৰকাৰে আজি পৰ্যন্ত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু বাল্য বিবাহত সোমাই পৰা লোকৰ বিৰুদ্ধে বাল্য বিবাহ বিৰোধী আইন আৰু POCSO আইনৰ আধাৰত গোচৰ ৰজু কৰি ইতিমধ্যে সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে (Drive against child marriage Assam)৷ সমান্তৰালকৈ বাল্য বিবাহৰ বিৰুদ্ধে এই অভিযান চলি থাকিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

আনহাতে শৈক্ষিক ৰাজধানী যোৰহাট জিলাৰ বিভিন্ন আৰক্ষী থানাত বাল্য বিবাহৰ লগত জড়িত থকা অপৰাধত ২৫ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ২৫ জনৰ ভিতৰত দুজনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰজু কৰা হৈছে ।

লগতে পঢ়ক: Excise-Taxation Dept raids Adani Group stores: হিমাচলত আদানিৰ গুডামত ইটোৰ পিচত সিটোকৈ তালাচী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.