thumbnail

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:06 PM IST

ETV Bharat / Videos

Durga Puja 2023 : পুতলা বন্দুক বিক্ৰীৰ ক্ষেত্ৰত প্ৰশাসনৰ নিষেধাজ্ঞা, বিপাঙত ব্যৱসায়ী

টীয়ক, 20 অক্টোবৰ : ৰাজ্যৰ চৌদিশে এতিয়া শাৰদীয় দুৰ্গা পূজাৰ উচাহ ৷ আটক ধুনীয়াকৈ সজাই-পৰাই তুলিছে পূজা মণ্ডপসমূহ আৰু এই মণ্ডপসমূহৰ আশে পাশে গঢ় লৈ উঠিছে বিভিন্ন মেলা ৷ পূজাৰ মেলা বুলিলে পুতলা বন্দুকৰ পয়োভৰ দেখা যায় মেলা সমূহত ৷ সেয়ে মেলাত বিক্ৰেতাসকলে আন আন পুতলা তথা সামগ্ৰীৰ সমান্তৰালকৈ পুতলা বন্দুক বিক্ৰীৰ বাবে অধিক ক্ৰয় কৰে ৷

এইবাৰো তাৰ ব্যতিক্ৰম নহয় ৷ টীয়কত দোকানীসকলে লাখ লাখ টকা খৰচ কৰি বিভিন্ন ধৰণৰ পুতলা বন্দুক ক্ৰয় কৰি মেলাত বিক্ৰীৰ বাবে আনিছিল যদিও হঠাৎ আৰক্ষীয়ে পুতলা বন্দুক বিক্ৰীৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা জাৰি কৰিছে তাক লৈ এতিয়া বিপাঙত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী সকল ৷ অৱশ্য নিৰাপত্তাজনিত কাৰণ বা সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে লোৱা এই সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে যদিও হঠাৎ এইদৰে নিৰ্দেশনা দিয়াৰ বাবে এতিয়া সমস্যাত পৰিছে সকলো ব্যৱসায়ী ৷

কাৰণ পূজাৰ বহু মাহৰ পূৰ্বে বিক্ৰতাসকলে পূজাত বিক্ৰী কৰিবলগীয়া সামগ্ৰীসমূহ কিনিবলগীয়া হয় ৷ সেয়ে সাময়িকভাৱে কেৱল এইবাৰৰ বাবে এই নিৰ্দেশনা পৰিহাৰ কৰিবলৈ এইসকল বিক্ৰেতাই চৰকাৰক অনুৰোধ জনাইছে ৷ উল্লেখযোগ্য যে এই ক্ষেত্ৰত আছু টীয়ক আঞ্চলিকে টীয়কৰ ৰাজহ চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰি থলুৱা ব্যৱসায়ীসকলৰ স্বাৰ্থত এক উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ 

লগতে পঢ়ক : Durga Puja 2023: দুৰ্গা পূজাৰ অন্যতম আকৰ্ষণ, দেৱীৰ শিৰত জিলিকিছে হীৰাৰ মুকুট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.