thumbnail

Jonai rape case update: অভিযুক্ত ধৰ্ষণকাৰীৰ আত্মসমৰ্পণ

By

Published : Jul 12, 2023, 9:31 PM IST

জোনাই, 12 জুলাই : শাৰীৰিকভাবে সক্ষম যুৱতীক ধৰ্ষণ কৰি বুধবাৰে জোনাইত আৰক্ষী থানাত আত্মসমৰ্পণ কৰিলে অভিযুক্তই । সোমবাৰে জোনাইত সংঘটিত হৈছিল সভ্য সমাজক লজ্জানত কৰা এই ঘটনা ৷ অভিযুক্তটো হ’ল জোনাই ৰতকে মিগাংগ গাওঁৰ নীলকান্ত ওৰফে মনোজ পাইট ৷

ঘটনাৰ বিৱৰণী অনুসৰি, অভিযুক্ত নীলকান্ত ওৰফে মনোজ পাইটৰ বিৰুদ্ধে নিজৰে বন্ধুৰ বিশেষভাৱে সক্ষম কন্যাক ধৰ্ষণ কৰাৰ এক অভিযোগ উত্থাপন হৈছিল ৷ সমগ্ৰ ঘটনাত হতবাক হৈ পৰিছিল পৰিয়ালটো ৷ সেই বিষয়ে অৱগত হোৱাৰ পাচত ধৰ্ষিতাৰ পৰিয়ালে জোনাই থানাত এক এজাহাৰ দাখিল কৰিছিল ।

অৱশেষত আজি বুধবাৰে উক্ত ধৰ্ষণত অভিযুক্ত নীলকান্ত ওৰফে মনোজ পাইটে দিনৰ ২ বজাত জোনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰে । আৰক্ষীয়ে অধিক তথ্যৰ বাবে অভিযুক্তক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Rape case in Jonai: জঘন্য ! বন্ধুৱে ধৰ্ষণ কৰিলে বন্ধুৰ বিশেষভাৱে সক্ষম কন্যাক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.