Renu's story: অচিন ৰোগত আক্ৰান্ত 16 বছৰীয়া ৰেণু; বহু বছৰ ধৰি ভালদৰে কৰিব পৰা নাই খোৱা-বোৱা

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 10:57 AM IST

thumbnail

জোনাই, 26 ছেপ্টেম্বৰ : অচিন ৰোগত আক্ৰান্ত হৈছে জোনাইৰ লাই অকলেণ্ড গাঁৱৰ এগৰাকী 16 বছৰীয়া যুৱতী ৷ নাম ৰেণু কেওঁট ৷ বিগত 8 বছৰ ধৰি এই ৰোগত আক্ৰান্ত হৈ আছে যুৱতীগৰাকী ৷ যুৱতীগৰাকীৰ পিতৃয়ে উল্লেখ কৰা অনুসৰি, ভাত, ফল-মূল নাইবা ঘৰুৱা খাদ্য আদিৰ লগতে আনকি পানী খালেও বমি হয় ৰেণুৰ ৷ 

যুৱতীগৰাকীৰ অসুস্থতাৰ বাবে তেওঁৰ পিতৃ-মাতৃয়ে জোনাই, চিলাপথাৰ, ডিব্ৰুগড়, গুৱাহাটী আদি সকলোতে চিকিৎসা কৰিছে ৷ তথাপিও সুস্থ হোৱা নাই যুৱতীগৰাকী ৷ আনকি ডাক্তৰেও যুৱতীগৰাকী কি ৰোগত আক্ৰান্ত হৈছে সেয়া ধৰিব পৰা নাই ৷ সংবাদ মাধ্য়মৰ আগত এই কথা উল্লেখ কৰিছে তেওঁৰ যুৱতীগৰাকীৰ পিতৃয়ে ৷ 

ইফালে মাজে মাজে জ্বৰ-কাঁহ-চৰ্দী হয় যদিও খাদ্য খালে বমি হোৱাৰ বাবেও বৰ্তমান পৰ্যন্ত যুৱতীগৰাকীয়ে দুৰ্বল অনুভৱ কৰা নাই বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক : Theft in Civil hospital: চিকিৎসালয়ত শুই থকা ব্যক্তিৰ ম’বাইল চুৰি কৰি উধাও চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.