বিৰোধী মিত্ৰজোঁটে মিঞাৰ ভোট বিচাৰি ফুৰিছে; জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ

🎬 Watch Now: Feature Video

thumbnail

তিতাবৰ, ২০ ডিচেম্বৰ : ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত তিতাবৰ দেৱ কুমাৰ বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত যুৱ সমাৰোহত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । অনুষ্ঠানত অংশগ্ৰহণৰ পিছত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

তেওঁ কয়, "এই যুৱ সমাৰোহত বহু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে । মই ১০০ শতাংশ বিশ্বাসী যে এইবাৰ আমি বহু ভোটৰ ব্যৱধানত তিতাবৰত জয়লাভ কৰিম । বিৰোধী একেলগ হৈছে ইণ্ডিয়া মিত্ৰজোঁট নামেৰে । কিন্তু তেওঁলোকে মিঞা ভোটৰ কথা চিন্তা কৰি আছে । য'তে মিঞা আছে তালৈকে তেওঁলোক ঢাপলি মেলিছে । প্ৰতিগৰাকী নেতাই এতিয়া সুৰক্ষিত স্থান বিচাৰিছে, যাতে মিয়া ভোটেৰে জয়লাভ কৰিব পাৰে ।"

আনহাতে, নাম নোলোৱাকৈ বৰ্তমান কলিয়াবৰৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈকো তেওঁ কটাক্ষ কৰে । গৌৰৱ গগৈ সন্দৰ্ভত তেওঁ কয়, "তিতাবৰ সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী হৈ এগৰাকীয়ে ১৫ বছৰ শাসন কৰিলে । কিন্তু তেওঁৰ সতি-সন্ততিয়ে ইয়াত সুৰক্ষিতবোধ কৰা নাই । যাৰ বাবে বেলেগ সমষ্টি বিচাৰিব লগা হৈছে । পিতৃয়ে শাসন কৰা সমষ্টিতে সুৰক্ষিত নহয় বাবে তেওঁলোকে এতিয়া মিঞা সমষ্টি বিচাৰি ফুৰিছে । তেওঁলোকে জানে যে খিলঞ্জীয়া মানুহে তেওঁলোকক ভোট নিদিয়ে । যি সমষ্টিত মিঞা আছে, সেই সমষ্টিলৈ তেওঁলোক গৈছে । সেই অঞ্চলৰ পৰা তেওঁ লোকৰ যাত্ৰা আৰম্ভ হয় ।"

লগতে পঢ়ক :ড৹ প্ৰণৱজ্যোতি ডেকালৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.