thumbnail

By

Published : Mar 29, 2023, 10:39 PM IST

ETV Bharat / Videos

Joymati Divas observed in Tingkhang: টিংখাঙত জয়মতীৰ আৰ্তনাদত উচুপি উঠিল ৰাইজ

মৰাণ,২৯ মাৰ্চ: সতী জয়মতীৰ কৰুণ আৰ্তনাদত সেমেকিল হাজাৰ হাজাৰ লোকৰ দুচকু । জেৰেঙা পথাৰত নহয় মাজনিশা টিংখাঙত চাউদাঙে জয়মতীৰ ওপৰত চলালে অকথ্য নিৰ্যাতন । গদাপানি আৰু লাই-লেচাৰ উচুপনিত কান্দি উঠিল টিংখাঙৰ কেইবাখনো গাঁৱৰ ৰাইজে । টিংখাঙৰ ডিকচাম, নাহৰণিবাম, হাতীগড় আৰু উদয়পুৰ গাঁৱৰ ৰাইজৰ সহযোগত ডিকচাম প্ৰাথমিক বিদ্যালয়‌ খেলপথাৰত পালন কৰা হয় জয়মতী দিৱস(Joymati Divas observed in Tingkhang) ।  

মঙ্গলবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানত নিশা পৰাগ গগৈৰ পৰিচালনাৰে মঞ্চস্থ কৰা হয় সতী জয়মতীৰ বীৰত্বৰ গাঁঠাৰে এখনি নাটক "সতী জয়মতী" (Jayamati drama performed at Tingkhang) । নাটখনিত অঞ্চলটোৰ যুৱক-যুৱতী সকলে প্ৰাণ ঢালি কৰা অভিনয়ত মুগ্ধ হৈ পৰে উপস্থিত দৰ্শক । নাট্যানুস্থানটিত উপস্থিত হয় সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী মন্ত্ৰী বিমল বড়া(Culture Minister Bimal Bora) । জয়মতীৰ আদৰ্শ আজিৰ সমাজত কিমান প্ৰয়োজনীয় সেই সম্পৰ্কে ব্যক্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ।  

উল্লেখযোগ্য যে অসমৰ ইতিহাসৰ বুকুত যুগ-যুগান্তৰে মহীয়ান হৈ থকা বীৰ-বীৰাংগনা সকলৰ ভিতৰত আৰু জনজীৱনৰ মানসপটত স্মৰণীয় হৈ ৰোৱা মহান স্বদেশ প্ৰেমীসকলৰ ভিতৰত “সতী জয়মতী" অন্যতম আদর্শস্বৰূপ এগৰাকী মহীয়সী নাৰী । স্বদেশ, স্বজাতি আৰু স্বজনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অত্যাচাৰী শাসকৰ বিৰুদ্ধে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি মহাসতী জয়মতী কুঁৱৰীৱে দিয়া আত্মবলিদান অসমৰ ইতিহাসত জিলিকি আছে আৰু সদায় জিলিকি থাকিব । 

লগতে পঢ়ক: Portrait of Zubeen Garg: হাত ব্যৱহাৰ নকৰাকৈ খোৱাঙৰ ডিপু বৰাৰ কেনেকৈ অংকন কৰিলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.