ETV Bharat / state

ধৰি ধৰি জেলত ভৰাব আৰক্ষীয়ে...কাক ক’ত কিয় ? ৰকিবুল হুছেইনে ক’লে সকলো

বিজেপি চৰকাৰৰ দুৰ্নীতি-ছিণ্ডিকেট সন্দৰ্ভত সৰৱ ধুবুৰীৰ সাংসদ । দুৰ্নীতি-ছিণ্ডিকেটৰ মূল্য বাঢ়িছে বুলি চৰকাৰক কটাক্ষ সাংসদগৰাকীৰ ।

MP Rakibul Hussain in Bongaigaon
সাংসদ ৰকিবুল হুছেইন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

মাণিকপুৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন । চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সমাপ্তিৰ পিচত নিজৰ ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন ঠাইত আয়োজিত সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে । হিমন্ত বিশ্ব শৰ্মাক আৰক্ষীয়ে কেতিয়া আৰু কি কাৰণে গ্ৰেপ্তাৰ কৰিব সেই সম্পৰ্কে ব্য়াখ্য়া কৰিলে সাংসদগৰাকীয়ে ।

কীৰ্তনপাৰাত স্বেচ্ছাসেৱী সংগঠন বি টি এমৰ বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি সাংসদ ৰকিবুল হুছেইনে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয়, "হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত মানুহৰ মূল্য কমিছে; কিন্তু দুৰ্নীতি-ছিণ্ডিকেটৰ মূ্ল্য বাঢ়িছে । চাকি নুমুৱাৰ আগত বেছিকৈ জ্বলে । গতিকে বেছিদিন নাই, 2026 চনত এইবোৰৰ পতন হ'ব ।"

সাংসদ ৰকিবুল হুছেইন (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "যি আৰক্ষীক চৰকাৰে আজি ব্যৱহাৰ কৰিছে; এদিন এই আৰক্ষীয়ে তেওঁলোকক ধৰি জেলত ভৰাব ।"

বঙাইগাঁও জিলাৰ বৰইচালাত স্বেচ্ছাসেৱী সংগঠন বি টি এমৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনত সাংসদ ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰি কয়,"হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে মানুহৰ মূল্য বুজি নাপায়, কেৱল দুৰ্নীতি আৰু ছিণ্ডিকেটৰ মূ্ল্য বুজি পায় । আৰক্ষীক ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহু কিবা কিবি কৰিছে । গতিকে আজি ব্যৱহাৰ কৰা আৰক্ষীয়ে এদিন তেওঁলোকক ধৰি জেলত ভৰাব ।"

অশান্ত মণিপুৰ সম্পৰ্কে সাংসদ ৰকিবুল হুছেইনে কয়, "মণিপুৰৰ শেহতীয়া কি পৰিস্থিতি ? মণিপুৰৰ পৰিস্থিতি সদায় বেয়া হৈ আছে । যিদিনাৰ পৰা আমাৰ মুখ্যমন্ত্ৰীয়ে নেডাৰ দায়িত্ব লৈছে সিদিনাৰ পৰাই উত্তৰ-পূৰ্বৰ অৱস্থা বেয়া হৈছে । এইক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই ।" কীৰ্তনপাৰাত স্বেচ্ছাসেৱী সংগঠন বি টি এমৰ বাৰ্ষিক অধিবেশনত সাংসদৰাকীৰ লগতে উপস্থিত থাকে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ ।

লগতে পঢ়ক:নিৰুদ্দেশ বুলি কোনে পোষ্টাৰ আঁৰিছিল ? বিশেষ মানুহটোক লাগে সাংসদ ৰকিবুলক

চামগুৰিত ৰিগিঙৰ অভিযোগ : পুনৰ ভোটগ্ৰহণৰ দাবীৰে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ ৰকিবুল হুছেইনৰ স্মাৰকপত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.