স্প’ৰ্টছ ডেস্ক: সমগ্ৰ বিশ্বত 'লাল বজৰী কা বাদশ্বাহ' নামেৰে বিখ্যাত, 22 বাৰৰ গ্ৰেণ্ড শ্লেম অৰ্জনকাৰী স্পেইনৰ ৰাফেল নাডালে পেছাদাৰী টেনিছৰ পৰা গ্ৰহণ কৰে অৱসৰ ৷ মঙলবাৰে টেনিছ তাৰকাগৰাকীয়ে কেৰিয়াৰৰ অন্তিমখন মেচত অংশগ্ৰহণ কৰে ৷
ৰাফেল নাডালে ল’লে অৱসৰ
আশা কৰা ধৰণে কেৰিয়াৰৰ সামৰণি নপৰিল টেনিছ তাৰকা ৰাফেল নাডালৰ ৷ ডেভিছ কাপৰ কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ হৈ অংশগ্ৰহণ কৰা নাডালে নেদাৰলেণ্ডৰ বিৰুদ্ধে পৰাজিত হয় ৷ নাডালে বোটিক ভান ডি জেণ্ডচুলপৰ বিৰুদ্ধে 4-6, 4-6 ৰ ব্যৱধানত পোনপটীয়া ছেটত পৰাজিত হয় ।
The dust settles, the legend remains.#DavisCup #RafaelNadal #GraciasRafa pic.twitter.com/0zG6sZlr0S
— Davis Cup (@DavisCup) November 19, 2024
14 বাৰৰ ফ্ৰেন্স অপেন খিতাপ বিজয়ী 38 বছৰীয়া খেলুৱৈগৰাকীক বিশ্বৰ 80 তম স্থানৰ ডাচ্চ খেলুৱৈগৰাকীয়ে একক শাখাত পোনপটীয়া ছেটত পৰাস্ত কৰে । এই খেলৰ পূৰ্বে নাডালে নিজৰ কেৰিয়াৰত মাত্ৰ দুবাৰ বোটিক ভান ডি জেণ্ডচুলপৰ মুখামুখি হৈছিল আৰু এটাও ছেট নেহেৰুৱাকৈ দুয়োখন মেচতে জয়লাভ কৰিছিল ।
অন্তিমখন মেচত জয়ী হ’বলৈ নাডালৰ অহোপুৰুষাৰ্থ
মালাগাত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলি নাডালে জয়ৰ বাবে যথাসাধ্য চেষ্টা কৰিছিল ৷ প্ৰথম ছেটটো হেৰুৱাই খেলুৱৈগৰাকীয়ে প্ৰত্যাৱৰ্তন কৰিবলৈ কঠিন যুঁজ দিয়ে ৷ কিন্তু ডাচ্চ খেলুৱৈগৰাকীয়েও নাডালক উভতি ধৰি মেচখনত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷
For your fighting spirit.
— Davis Cup (@DavisCup) November 19, 2024
For your humility and kindness.
For everything you’ve done for tennis.
Gracias, Rafa. pic.twitter.com/tDicj5KUI5
প্ৰথমটো ছেটত নাডালে ডাচ্চ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে কঠিন যুঁজ দিয়ে ৷ কিন্তু শেষত 29 বছৰীয়া খেলুৱৈগৰাকীয়ে অগ্ৰগতি লাভ কৰি 6-4 ৰ ব্যৱধানত ছেটটো হস্তগত কৰে ৷ অৱশ্যে দ্বিতীয় ছেটটোত ডাচ্চসকলে আৰম্ভণিৰ পৰাই আধিপত্য বিস্তাৰ কৰিছিল । নাডালে ছেটটোত প্ৰত্যাৱৰ্তন ঘটাবলৈ যথেষ্ট চেষ্টা কৰাৰ পিছত 3-4 ত আগবাঢ়ে ৷ অৱশ্যে, বোটিকে নাডালক কোনোধৰণৰ সুযোগ নিদি দ্বিতীয় ছেটটো 6-4 ব্যৱধানত দখল কৰি মেচখনত জয়লাভ কৰে ৷
RAFAEL NADAL 🇪🇸❤️🔥
— The Olympic Games (@Olympics) November 20, 2024
An icon, a legend, a source of inspiration. ✨#GraciasRafa pic.twitter.com/Lk1DVp7P2O
ৰাষ্ট্ৰীয় সংগীতৰ লগে লগে আৱেগিক হৈ পৰে নাডাল
পেছাদাৰী টেনিছ কেৰিয়াৰৰ অন্তিমখন খেলৰ পূৰ্বে কিংবদন্তি খেলুৱৈগৰাকীক অতি আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছিল । খেল আৰম্ভ হোৱাৰ পূৰ্বে নাডালে ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ লগে লগে ভাগি পৰে কান্দোনত ৷ এই বিশেষ মুহূৰ্তৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ।
Rafa Nadal looks watery-eyed looking at the stadium in Malaga for one of the last times in his career.
— The Tennis Letter (@TheTennisLetter) November 19, 2024
Spanish national anthem playing.
One of the most accomplished athletes in Spanish history, and absolutely the most iconic.
🥹
pic.twitter.com/fRnThv7xjc
অৱশ্যে, নাডালে অন্তিমখন মেচ জিকি অনুৰাগীসকলক সুখী কৰিব নোৱাৰিলে । কিন্তু টেনিছত খেলুৱৈগৰাকীয়ে অৰ্জন কৰা সাফল্যৰ বাবেই অনুৰাগীয়ে সদায়ে তেওঁক স্মৰণ কৰিব ৷
খেলৰ পিছত নাডালৰ আৱেগিক বিদায় ভাষণ
22 বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী ৰাফেল নাডালে মালাগাত অৱসৰৰ সময়ত অনুৰাগীসকলক উদ্দেশ্যি কয়, "মই এই মানসিক শান্তিৰ সৈতে এৰি আছো যে, মই এনে এক উত্তৰাধিকাৰ এৰিছো যিটো মই সঁচাকৈয়ে অনুভৱ কৰো যে কেৱল খেলৰ সৈতে সম্পৰ্কিত নহয়, বৰং ব্যক্তিগত । মই বুজি পাইছো যে মই লাভ কৰা মৰম কেৱল আদালতৰ ঘটনাবোৰৰ বাবে হে হ’লহেঁতেন, তেন্তে তেনে নহ'লহেঁতেন" ।
And that's how we'll always remember you, Rafa#DavisCup #Rafa #GraciasRafa pic.twitter.com/XWEGT35anq
— Davis Cup (@DavisCup) November 19, 2024
নাডালে লগতে কয়, "খিতাপ, বঁটাবোৰ আছে বাবেই হয়তো সাধাৰণ লোকে সম্ভৱতঃ মোক জানে ৷ কিন্তু এজন ভাল ব্যক্তিৰ দৰে, যি মালোৰ্কাৰ এখন সৰু গাঁৱৰ পৰা আহিছিল, মানুহে মোক মনত ৰখাতো বিচাৰো" ৷
ডেভিছ কাপৰ একক শাখাত দ্বিতীয় পৰাজয়
এয়া নাডালৰ ডেভিছ কাপৰ একক শাখাত দ্বিতীয়টো পৰাজয় আছিল । প্ৰতিযোগিতাখনত এতিয়ালৈকে খেলা 30 খন খেলৰ ভিতৰত নাডালে একক শাখাৰ 28 খন মেচত জয়লাভ কৰিছে । মঙলবাৰে অনুষ্ঠিত মেচখনত হোৱা পৰাজয়ৰ আগতে নাডালে 2004 চনত চেক গণৰাজ্যৰ জিৰি নোভাকৰ হাতত পৰাজিত হৈছিল । তাৰপিছত নাডালে একেৰাহে 29 খন মেচ জিকিছিল আৰু যিকোনো খেলুৱৈৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ জয়ৰ শতাংশ (নিম্নতম 15 খন মেচ) ৰ অভিলেখ অৰ্জন কৰিছিল ৷
From prodigy, to contender, to champion, to legend.
— Wimbledon (@Wimbledon) November 19, 2024
How lucky we were to see @RafaelNadal's career unfold 💚💜#GraciasRafa | #Wimbledon pic.twitter.com/lZkep0q6kv
অক্টোবৰত কৰিছিল অৱসৰ ঘোষণা
ডেভিছ কাপৰ পূৰ্বে নাডালে পেৰিছ অলিম্পিক 2024 ত স্পেইনৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ 2024 চনৰ অক্টোবৰ মাহত টেনিছ কিংবদন্তীগৰাকীয়ে পেছাদাৰী টেনিছৰ পৰা অৱসৰ ঘোষণা কৰি ডেভিছ কাপ তেওঁৰ কেৰিয়াৰৰ অন্তিম শৃংখলা হ’ব বুলি ঘোষণা কৰিছিল ৷
লগতে পঢ়ক: কেৰিয়াৰৰ অন্তিমখন ডেভিছ কাপত ৰাফেল নাডাল; ক’ত, কেনেদৰে উপভোগ কৰিব এই ঐতিহাসিক খেল