ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন; অৱতীৰ্ণ ৪,১৩৬ গৰাকী প্ৰাৰ্থী - MAHARASHTRA ASSEMBLY ELECTION 2024

Maharashtra Elections: মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনত বুধবাৰে পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।

Maharashtra Elections
মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন (ANI)
author img

By ANI

Published : Nov 20, 2024, 10:34 AM IST

মুম্বাই : পুৱা ৭ বজাৰ পৰা মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । সন্ধিয়া ৬ বজাত ভোটগ্ৰহণ সমাপ্ত হ'ব । ২৮৮ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত নাগৰিকসকলক ভোট দিবলৈ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ পোষ্টত লিখিছে, "আজি মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত সকলো আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । মই ৰাজ্যখনৰ ভোটাৰসকলক সম্পূৰ্ণ উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আৰু গণতন্ত্ৰৰ এই উৎসৱৰ বৈভৱ বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছো । এই উপলক্ষে মই সকলো যুৱ আৰু মহিলা ভোটাৰক ভোট দিবলৈ ওলাই আহিবলৈ অনুৰোধ জনাইছো ।"

নিৰ্বাচনক লৈ কটকটীয়া নিৰাপত্তা

ইফালে ভোটগ্ৰহণৰ পূৰ্বে মুম্বাইত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । গুৰু তেগ বাহাদুৰ নগৰ আৰু ধাৰাৱীৰ দৰে অঞ্চলত আৰক্ষীয়ে বাহনবোৰত তালাচী চলাই আছে ।

নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । মুম্বাই আৰক্ষীয়ে হিংসা প্ৰতিহত কৰিবলৈ বিশেষ বাহিনী আৰু গৃহৰক্ষীসহ ২৫,০০০ৰো অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰিছে । নিৰ্বাচনৰ সময়ত আইন-শৃংখলা বজাই ৰখাৰ বাবে ২,০০০ তকৈও অধিক আৰক্ষী বিষয়া আৰু ২৫,০০০ তকৈও অধিক আৰক্ষী কৰ্মী কৰ্তব্যৰত আছে বুলি আৰক্ষী বিভাগে অৱগত কৰিছে ।

৪০০০ৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ

মুঠ ৪,১৩৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । তাৰ ভিতৰত ২,০৮৬ গৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী । বিজেপিয়ে ১৪৯ খন, শিৱসেনাই ৮১ খন আৰু এনচিপিয়ে ৫৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । কংগ্ৰেছে ১০১ গৰাকী, শিৱসেনাই (ইউবিটি) ৯৫ গৰাকী আৰু এনচিপি (শৰদ পাৱাৰ গোট)য়ে ৮৬ গৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । বিএছপিয়ে ২৩৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । আনহাতে আন সৰু দলবোৰো নিৰ্বাচনত অৱতীৰ্ণ হৈছে । ৰাজ্যখনত প্ৰায় ৯.৭ কোটি পঞ্জীভুক্ত ভোটাৰ আছে ।

উল্লেখ্য যে শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন মহায়ুতি মিত্ৰজোঁটত আছে বিজেপি, শিৱসেনা আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (অজিত পাৱাৰ গোট), আনহাতে বিৰোধী এমভিএ কংগ্ৰেছ, শিৱসেনা (ইউবিটি) আৰু এনচিপি (শৰদ পাৱাৰ গোট)ক লৈ গঠিত । ২০১৯ৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৫ খন আসন, শিৱসেনাই ৫৬ খন আৰু কংগ্ৰেছে ৪৪ খন আসন লাভ কৰিছিল । ২০১৪ চনত বিজেপিয়ে ১২২ খন, শিৱসেনাই ৬৩ খন আৰু কংগ্ৰেছে ৪২ খন আসন দখল কৰিছিল ।

লগতে পঢ়ক :ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.