New Assamese film Raghav: অসমীয়া ছবি যেতিয়া অসমবাসীয়ে চাবই: যতীন বৰা - Big budget Assamese film Raghav
🎬 Watch Now: Feature Video


Published : Oct 11, 2023, 6:40 PM IST
যোৰহাট,১১ অক্টোবৰ: ক্ৰমাৎ যেন ভাল দিন ঘূৰি আহিছে অসমীয়া ছবিজগতৰ । ৰঘুপতিক দৰ্শকে ব্যাপক সমৰ্থন জনোৱাৰ পিছত এইবাৰ মুক্তিৰ পথত যতীন বৰাৰ এখন বহুচৰ্চিত ছবি । অসমৰ ৰাইজক উন্নত প্ৰযুক্তিৰ প্ৰয়োগৰে, বহু কেইগৰাকী অসমীয়া জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ দক্ষ অভিনয়ৰে এক অন্য সোৱাদ দিবলৈ সাজু হৈছে যতীন বৰাৰ ৰাঘৱ ।
২৭ অক্টোবৰত ছবিগৃহলৈ আহিবলগীয়া ছবিখনৰ প্ৰচাৰত নামি পৰিছে ছবিখনৰ কলা-কুশলীসকল । এইবাৰ ৰাঘৱৰ প্ৰচাৰ চলাবলৈ যোৰহাটৰ প্ৰান্তে প্ৰান্তে ঘূৰিছে ছবিখনৰ কলা-কুশলী । JB প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনক লৈ আশাবাদী ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ উপৰিও ছবিখনৰ পৰিচালক যতীন বৰাৰ লগতে সকলো কলা-কুশলী । ছবিখনত অভিনয় কৰিছে জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱা, নিশিতা গোস্বামী, হিৰণ্য ডেকাৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
ETV ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ছবিখনৰ প্ৰসংগত যতীন বৰাই কয় যে, ৰাঘৱ এখন মাটিৰ গোন্ধ থকা অসমীয়া ছবি । সকলো লোকে পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰিব পাৰিব ছবিখন । কাশ্মীৰ আৰু লাডাখত শ্বুটিং কৰাৰ উপৰিও বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি ৰামোজী ফিল্ম চিটিতো দৃশ্যগ্ৰহণ কৰা হৈছে ছবিখনৰ । যাৰ জৰিয়তে অসমৰ ছবি়প্ৰেমী ৰাইজে এক অনন্য সোৱাদ পাব ।
ইতিমধ্যে সদ্যমুক্তিপ্ৰাপ্ত ছবিখনৰ দুটি গীতে শ্ৰোতা-দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । বুধবাৰে বিয়লিবাগত মুক্তিলাভ কৰা ছবিখনৰ ট্ৰেইলৰটো আদৰি লৈছে ছবিপ্ৰেমী ৰাইজে । যাৰ পৰিপ্ৰেক্ষিতত ছবিখনক লৈ যথেষ্ট আশাবাদী ছবিখনত অনন্য ভূমিকাত অভিনয় কৰা জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী । প্ৰচাৰৰ সময়চোৱাত অসমৰ ৰাইজৰ যি সঁহাৰি সেই কোনৰ পৰা ছবিখন সফল হ'ব বুলি আসা কৰে অভিনেত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: Raghav Official Trailer out: যতীন বৰাৰ বহু প্ৰত্যাশিত ছবি 'ৰাঘৱ'ৰ ট্ৰেইলাৰ মুকলি