Japanese Encephalitis in Assam: ধেমাজিত পুনৰ বৃদ্ধি JE ত আক্ৰান্তৰ সংখ্যা - Japanese Encephalitis in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-08-2023/640-480-19160523-thumbnail-16x9-dhm-aspera.jpg)
ধেমাজি, ২আগষ্ট: ধেমাজিত এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটছ সদৃশ ৰোগত চাৰিগৰাকীৰ মৃত্যু হৈছে ৷ এইসকলৰ দুগৰাকী জাপানীজ এনকেফেলাইটিছ আৰু দুগৰাকী এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হৈছে ৷ বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত মুঠ ৪২গৰাকী লোক আক্ৰান্ত হৈছে । ইয়াৰে ১৮ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হৈছে ৷
ইতিমধ্যে ধেমাজিৰ পাঁচটা স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ২৬ টা উপ-স্বাস্থ্য কেন্দ্ৰৰ সমীৱৰ্তী ৰাইজক এনকেফেলাইটিছৰ বিৰুদ্ধে তৎপৰতাৰে সজাগ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ধেমাজি জিলা স্বাস্থ্য বিভাগে ৷ ধেমাজি অসামৰিক চিকিৎসালয়ত এনে ৰোগীৰ বাবে ১৫ খন বিচনাও সাজু কৰি ৰাখিছে স্বাস্থ্য বিভাগে ৷ বৰ্তমান জিলা স্বাস্থ্য বিভাগে আক্ৰান্ত অঞ্চল সমূহত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে আঁঠুৱা ঔষধিকৰণ আদি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
ইপিনে, জিলা মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানে কয় যে, যোৱা বছৰৰ তুলনাত এইবছৰ ধেমাজিত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিগত বৰ্ষত ৩২ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে বৰ্তমানলৈকে ৪২ গৰাকী চিনাক্ত হৈছে বুলি তেওঁ কয় ৷
লগতে পঢ়ক:Japanese Encephalitis in Assam: বিশ্বনাথত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু