Indian post: আশ্চৰ্যকৰ ! স্পীড পোষ্টত গুৱাহাটীৰ পৰা যোৰহাটলৈ এখন পত্ৰ পাবলৈ লাগিল ১৪ মাহ - speed post

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 9, 2023, 9:05 PM IST

যোৰহাট, ৯ জুলাই: ভাৰতীয় ডাক বিভাগৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে । এই বিভাগটোৰ হেমাহিৰ বাবে এটা পৰিয়ালে দুৰ্বিসহ দিন অতিবাহিত কৰিব লগা হ'ল । ঘটনাৰ বিৱৰণি মতে, যোৱা ২০২২ বৰ্ষৰ এপ্ৰিলত গুৱাহাটীৰ প্ৰধান মহাগাণনিকৰ কাৰ্যালয়ৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছিল যোৰহাটৰ এগৰাকী মহিলালৈ । স্পীড পোষ্ট যোগে ভাৰতীয় ডাক বিভাগৰ পৰা যোৰহাটৰ বালিগাঁও জানখনাত নিৰ্দিষ্ট ঠিকনাত গৈ পাবলৈ সময় ল'লে ১৪ মাহ । ২০২২ বৰ্ষৰ ৪ মাৰ্চত গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা পত্ৰখন মমী বনিয়া দাস নামৰ মহিলাগৰাকীয়ে লাভ কৰিলে ২০২৩ চনৰ ৩০ জুনত ।

তাপৰ্যপূৰ্ণ যে মমী বনিয়া দাস নামৰ মহিলাগৰাকীৰ স্বামী দিব্যজ্যোতি দাসৰ যোৰহাট আৰক্ষীত কৰ্মৰত অৱস্থাত ২০২২ চনৰ মাৰ্চত এক পথ দূৰ্ঘটনাত মৃত্যু হৈছিল । স্বামীৰ পেঞ্চনৰ কামৰ এই গুৰুত্বপূৰ্ণ পত্ৰখনেই তেওঁৰ পত্নীয়ে লাভ কৰিলে ১৪ মাহ পিচত । মৃত্যুৰ এবছৰৰ ভিতৰত কোষাগাৰত দাখিল কৰিব লগা পত্ৰখন পলমকৈ লাভ কৰাত পেঞ্চন লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে পৰিয়ালটো ।

লগতে পঢ়ক:Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ৰঙাপৰাত আছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.