AJYCP protest in Digboi: পথ মেৰামতিৰ দাবীৰে ডিগবৈত AJYCP ৰ অভিনৱ প্ৰতিবাদ - ডিগবৈত AJYCP ৰ অভিনৱ প্ৰতিবাদ
🎬 Watch Now: Feature Video
Published : Sep 13, 2023, 5:15 PM IST
তিনিচুকীয়া,১৩ ছেপ্তেম্বৰ: এটা পথে জ্বলা-কলা খুৱাই আহিছে তিনিচুকীয়াৰ ডিগবৈবাসীক । সেয়ে বুধবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিয়ে ডিগবৈৰ মূল পথটো মেৰামতি কৰাৰ দাবীত সাব্যস্ত কৰে এক অভিনৱ প্ৰতিবাদ ৷
ডিগবৈ চহৰৰ মাজৰ ৩৮ নং ৰাষ্ট্ৰীয় পথৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতত সংগঠনটোৱে শিল, ইটা পেলাই ৰাইজৰ সুবিধাৰ্থে কৰিছে শ্ৰমদান । উক্ত প্ৰতিবাদস্থলীৰ পৰাই ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন আৰু কেন্দ্ৰীয়মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলীক তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে ৷ লগতে ডিগবৈৰ জৰাজীৰ্ণ পথসমূহ জনসাধাৰণৰ সুবিধাৰ্থে অতিসোনকালে মেৰামতি কৰাৰ দাবী উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিয়ে ৷
লগতে পঢ়ক: DGP GP Singh: শিৱসাগৰত আৰক্ষী সঞ্চালক প্ৰধানৰ আইন-শৃংখলা পৰ্যালোচনা বৈঠক