Deer rescued at Kaliabor:ব্ৰহ্মপুত্ৰত উটি অহা আঘাতপ্ৰাপ্ত পহু উদ্ধাৰ

By

Published : Jul 15, 2023, 3:07 PM IST

thumbnail

কলিয়াবৰ, ১৫ জুলাই :নগাঁও জিলাৰ কলিয়াবৰৰ গাখীৰখাটি অঞ্চলত উদ্ধাৰ হৈছে এটা আঘাতপ্ৰাপ্ত পহু । এই পহুটো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে । শনিবাৰে এই আঘাতপ্ৰাপ্ত পহুটো দিশহাৰা হৈ গাখীৰখাটিৰ মানুহ এঘৰত সোমাইছিল । পিচত স্থানীয় ৰাইজে এই বিষয়ে শিলঘাট খণ্ড বন বিষয়াক অৱগত কৰে ।    

শিলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীয়ে লগে লগে ৰাইজৰ সহযোগত পহুটো উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত পহুটো উদ্ধাৰ কৰি শিলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি পাণবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে বন বিভাগে ।

লগতে পঢ়ক:Laharighat electrical sub-division: বিদ্যুৎ মিটাৰ জ্বলাই দিবলৈ ৰাইজক প্ৰৰোচিত শক্তি বিভাগৰ কৰ্মচাৰীৰ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.