Industrial hub in Dhemaji : শীঘ্ৰে ঔদ্যোগিক পাৰ্ক স্থাপনৰ দাবী স্থানীয় ৰাইজৰ - মেচাকি টঙানী গাঁৱত উদ্যোগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 19, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ধেমাজি জিলাৰ বগীবিল দলঙৰ (Bogibill Bridge) উত্তৰ পাৰৰ চিলাপথাৰৰ মেচাকি টঙানী গাঁৱত স্থাপন কৰিবলগীয়া ঔদ্যোগিক কেন্দ্ৰস্থলক লৈ চলি থকা দীৰ্ঘদিনীয়া বিবাদৰ মাজতে একাংশ স্থানীয় ৰাইজে কৰ্ম সংস্থাপনৰ দাবী উত্থাপন কৰি শীঘ্ৰে উদ্যোগ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে (Industrial hub in Dhemaji) । প্ৰায় ৯ শ বিঘা মাটিত স্থাপন কৰিবলগীয়া ঔদ্যোগিক কেন্দ্ৰস্থলৰ প্ৰায় 200 বিঘা মাটি বেদখল হৈ আছে । ৰাজ্য চৰকাৰৰ ভূমি জৰীপ বিভাগে ভূমি জৰীপ কৰিব যাওঁতে উদ্যোগ স্থাপনক লৈ এক অনিশ্চয়তাৰ সৃষ্টি হৈছিল । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথৰ পৰা প্ৰায় কেইবাশ মিটাৰ দূৰত্বৰ মেচাকি টঙানী গাঁৱত উদ্যোগ স্থাপন কৰিলে কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ লৈ যোৱা যুৱকৰ সংখ্যা হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ হাতে হাতে প্লে’ কাৰ্ড লৈ অতি শীঘ্ৰে ঔদ্যোগিক পাৰ্ক স্থাপনৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে অঞ্চলটোৰ বহু যুৱক যুৱতী তথা স্থানীয় ৰাইজে কৰ্ম সংস্থাপন লাভ কৰিব বুলি স্থানীয় ৰাইজে উদ্যোগ স্থাপনৰ আহ্বান জনাইছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.