Inauguration of Gram Panchayat office: মৰাণত গাঁও পঞ্চায়তৰ নৱ-নিৰ্মিত কাৰ্যালয় উদ্বোধন - মৰাণত গাঁও পঞ্চায়তৰ নৱ নিৰ্মিত কাৰ্যালয় উদ্বোধন
🎬 Watch Now: Feature Video
মৰাণ,৩ জুন: মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং উন্নয়নখণ্ডৰ অধীনৰ নাহৰণি গাঁও পঞ্চায়তৰ নৱ-নিৰ্মিত কাৰ্যালয়টো শুকুৰবাৰে উদ্বোধন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে (Inauguration of Gram Panchayat office in Moran) । ত্ৰয়োদশ, চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰায় ২০ লাখ টকা পুঁজিৰে নিৰ্মাণ কৰা ৮০ নং নাহৰণি গাঁও পঞ্চায়ত কাৰ্যালয়টোৰ শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত হয় (Inauguration of Gram Panchayat office) ।
সভাত ভাষণ প্ৰদান কৰে বিধায়ক চক্ৰধৰ গগৈয়ে (MLA Chakradhar Gogoi) । উক্ত সভাত উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈৰ লগতে খোৱাং উন্নয়নখণ্ডৰ বিষয়া পলাশ ৰঞ্জন হাজৰিকা, পঞ্চায়ত সভাপতি কল্পেন্দ্ৰ কোঁৱৰ, সমাজসেৱক হেমকান্ত গগৈ, নাহৰণি পঞ্চায়তৰ ৱাৰ্ড সদস্য-সদস্যাসকল আৰু পঞ্চায়তটোৰ ৰাইজ ।
TAGGED:
MLA Chakradhar Gogoi