Majuli news: এম্বুলেঞ্চ যাবলৈ বাট নাই; ঠেলাৰে চিকিৎসালয়লৈ কঢ়িয়ালে ৰোগীক - Assam CM with Majuli children
🎬 Watch Now: Feature Video
মাজুলী, 21 জুন: 2016 চনৰ পৰাই চৰ্চাত থকা এটা সমষ্টি হৈছে মাজুলী ৷ নদী দ্বীপ মাজুলীত 2016 চনৰ পৰা 2021 চনলৈকে এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ 2016 ৰ পৰা 2021 চনলৈকে মুখ্যমন্ত্ৰী আছিল সোণোৱাল ৷ 2021 ত ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকী গতাই দি সৰ্বানন্দ সোণোৱাল উৰা মাৰিলে দিল্লীলৈ ৷ উপ-নিৰ্বাচনৰ জৰিয়তে পুনৰ মাজুলী বিজেপিৰ দখললৈ যায় ৷ বিধায়ক হয় ভুবন গাম ৷ সেই ফালৰ পৰা চাবলৈ গ’লে এই সাত বছৰত দোপত দোপে উন্নতি হ’ব লাগিছিল মাজুলীৰ ৷
মুখ্যমন্ত্ৰী হোৱাৰ পাচতেই বহুবাৰ মাজুলী ভ্ৰমণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মাজুলীৰ ভাগিনহঁতৰ সৈতে মাছে-ভাতে খাই মাজুলীয়ালৰ বুকুৰ কুটুম হৈ পৰে ড৹ শৰ্মা ৷ ভাগিনহঁতক দিছপুৰ দেখুৱাবলৈ আনিও আদৰ বুটলিলে মুখ্যমন্ত্ৰীয়ে ৷ এই সকলোবোৰ ঠিকেই আছিল ৷ কিন্তু ৰজাঘৰীয়াৰ অতি আদৰৰ হোৱাৰ পিচতো মাজুলীত উন্নয়নে আকাশ চুব পৰা নাই ৷ আজিও অনেক সমস্যাৰ সৈতে যুঁজ দিব লগীয়া হৈছে মাজুলীবাসীয়ে ৷
লগতে পঢ়ক: Silsako Beel: শিলসাঁকোত আন্দোলন কৰা মানুহে নাজানে অসমীয়া ক’ব: কামিনি মোহন শৰ্মা
মুখ্যমন্ত্ৰীৰ আদৰৰ মাজুলীত ঠেলা গাড়ীকেই এম্বুলেঞ্চৰ দৰে ব্যৱহাৰ কৰিবলগীয়া হোৱা এটা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ গড়মূৰ সদৰৰ দাঁতিকাষৰীয়া 1 নং বৰণ চুকৰ ভনীতা পায়েং নামৰ এগৰাকী ৰোগীক গাঁৱৰ ৰাইজে ঠেলাৰেই আনিব লগীয়া হ'ল চিকিৎসালয়লৈ । প্ৰায় ডেৰ কিলোমিটাৰ পথ ঠেলাৰে আনি চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয় ৰোগীগৰাকীক । কিয়নো পথৰ দুৰৱস্থাৰ বাবে সেই অঞ্চললৈ নাযায় এম্বুলেঞ্চ ৷
বাৰিষা দিনৰ কথাতো বাদেই, খৰালিও এই অঞ্চলবোৰলৈ এম্বুলেঞ্চ আহিবলৈ অসুবিধাৰ সৃষ্টি হয় ৷ মাজুলীৰ বহু বাট-পথ পকীকৰণ হৈছে যদিও এতিয়াও বহু অঞ্চলে উন্নয়নৰ মুখ দেখিবলৈ বাকী আছে ৷ যাৰ কাৰণে এনেধৰণৰ ঘটনা ঘটি থকা দেখিবলৈ পোৱা যায় মাজুলীত ।