কাছাৰত জব্দ বুজন পৰিমাণৰ চোৰাং কাঠ , নিশাৰ আন্ধাৰত বৰাক নদীৰে সৰবৰাহ হয় চোৰাং কাঠ - Cachar News
🎬 Watch Now: Feature Video


Published : Dec 21, 2023, 11:18 AM IST
শিলচৰ, 21 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনধ্বংস যজ্ঞ ৷ কাছাৰতো অবাধ গতিত চলিছে বনধ্বংস কাৰ্য ৷ বুধবাৰে নিশা চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে কাছাৰৰ জিৰিঘাট ৰেঞ্জৰ বনকৰ্মীয়ে অভিযান চলায় ৷ অভিযানত জব্দ কৰা হয় কাঠভৰ্তি দুখন যন্ত্ৰচালিত নাও ৷ আন্ধাৰৰ সুযোগ লৈ একাংশ চোৰাং কাঠ মাফিয়াই বৰাক সংৰক্ষিত বনাঞ্চলৰ পৰা বৰাক নৈৰে নাওযোগে সৰবৰাহ কৰিছিল কাঠখিনি ৷ তেনে সময়তে বনকৰ্মীয়ে কাঠভৰ্তি দুখন নাও জব্দ কৰে ৷ ইফালে বন বিভাগৰ অভিযানৰ উমান পাই নাও এৰি পলায়ন কৰে সৰবৰাহকাৰীকেইটাই ৷
অভিযোগ অনুসৰি, কাছাৰৰ জিৰিঘাট ৰেঞ্জৰ একাংশ বনকৰ্মীৰ সহযোগত চোৰাং কাঠ মাফিয়াই বৰাক সংৰক্ষিত বনাঞ্চলৰ পৰা নদী পথেৰে প্ৰতিদিনেই চোৰাংভাৱে সৰবৰাহ কৰি আহিছে মূল্যবান কাঠ ৷
লগতে পঢ়ক : শিলচৰত নিৰাপত্তা কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা এজনৰ