মৰাণত কাঠৰ কুণ্ডাসহ অবৈধ কাঠফলা কল জব্দ - খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 3:09 PM IST

মৰাণ, ৪ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ কাঠফলা মেচিনৰ সহায়ত চলিছে বন ধ্বংসযজ্ঞ। ইয়াৰ মাজতে খোৱাং আঞ্চলিক বন বিভাগে দেওবাৰে অভিযান চলাই দুটাকৈ কাঠফলা কল আৰু ৩৫ টা কাঠৰ কুণ্ডা জব্দ কৰে । ইয়াৰে এটা কল জব্দ কৰে ৰংৰঙীয়াৰ পৰা আৰু আনটো ঔফুলীয়াত । উল্লেখযোগ্য যে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কেইবাটাও স্থানত অবৈধভাৱে কাঠফলা কল স্থাপন কৰি একাংশ কাঠ ব্যৱসায়ীয়ে বন ধ্বংস কাৰ্যত লিপ্ত হৈছে । 

বন বিভাগ এইক্ষেত্ৰত অৱগত যদিও যথোচিত ব্যৱস্থা ল'ব পৰা নাই । খোৱাং আঞ্চলিক বন বিষয়া অক্ষৰ বৰগোহাঁইয়ে কয় যে এই অবৈধ কল বিলাকৰ বিৰুদ্ধে অভিযান চলি থাকিব আৰু কম সময়ৰ ভিতৰত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । 

লগতে পঢ়ক: ইটা ভাটাই বিহালীৰ কৃষকলৈ কঢ়িয়াই আনিছে ভাবুকি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.