Illegal saw mill seized: অবৈধ কাঠৰ মিলসহ কাঠৰ কুন্দা জব্দ
🎬 Watch Now: Feature Video
বঙাইগাঁও, 11 আগষ্ট : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত চাকলাত শুকুৰবাৰে এটা অবৈধ কাঠ মিল জব্দ কৰা হৈছ ৷ জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি অভয়াপুৰী বন বিষয়াৰ এটা দলে শুকুৰবাৰে এক অভিযান চলাই এটা কাঠফলা মিল জব্দ কৰে। মিলটোত বহুতো কাঠৰ কুন্দা আছিল ৷ ইফালে বৰ বিষয়াৰ দলটো অহাৰ উমান পাই মিলৰ মালিকজনে মিল চলি থকা অৱস্থাতে মিল এৰি পলায়ন কৰে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এই অঞ্চলত কেইবাটাও কাঠ মিল অবৈধভাৱে চলি আছে ৷ এই সংক্ৰান্তত কোনো ব্যক্তিক এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিষয়াই । সম্প্ৰতি বন বিষয়াৰ দলটোৱে জব্দকৃত কাঠসহ কাঠফলা মিলটো মাণিকপুৰ খণ্ড বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় আৰু এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
উল্লেখ্য যে, জিলাখনৰ বিভিন্ন প্ৰান্তত এনেকুৱা অবৈধভাৱে কাঠৰ মিল চলাই থকা হৈছে ৷ সম্প্ৰতি বিভিন্ন অঞ্চলত এনেদৰে অভিযান চলাই অবৈধভাৱে চলাই থকা মিলসমূহ জব্দ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে অভয়াপুৰী বন বিষয়া নাছিম আক্ৰামে।
লগতে পঢ়ক: Cyber criminal detained: নগাঁও আৰক্ষীৰ জালত তিনি দুধৰ্ষ চাইবাৰ অপৰাধী