Sand Mining in Beki River: কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত বেকী নৈৰ বুকুত অবাধ বালিখনন - নৈৰ বুকুত অবাধে চলোৱা বালিখনন
🎬 Watch Now: Feature Video
জনীয়া, 11 ফেব্ৰুৱাৰী: কলগাছিয়াৰ চৰ শওঁপুৰত বেকী নৈৰ বুকুত চলিছে বালি মাফিয়াৰ সন্ত্ৰাস (Sand smuggling in Barpeta)। দুই ভাতৃয়ে মিলি দিনে নিশাই চলাইছে বালিৰখনন । বেকী নৈৰ বুকুত অবাধে চলোৱা বালিখননৰ সমগ্ৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত ৷
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা বেকী নৈত ব্যাপক হাৰত অবাধে চলি আহিছে বালিখনন ৷ লাভ কৰা তথ্য অনুসৰি শওঁপুৰ গাওঁ পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য আলতাফ হুছেইন আৰু তেওঁৰে ভাতৃ শ্বহিদুল ইছলামৰ নেতৃত্বতে চলিছে এই বালিখনন কাৰ্য (Illegal sand mining under congress leader) । দুই ভাতৃৰ নেতৃত্বত বালিখনন চলি থকাৰ কথা স্বীকাৰ কৰিছে খোদ বালি কঢ়িওৱা ট্ৰেক্টৰৰ এগৰাকী চালকে (Sand mafia in Barpeta) ৷
মন কৰিব লগীয়া যে, বেকী নৈৰ বুকুত নীতিবৰ্হিভূত ভাৱে বালিখনন চলি থকাৰ বাবেই প্ৰতিবছৰে খহনীয়াৰ ফলত গৃহহীন হ’ব লগা হৈছে শ শ পৰিয়াল (Threat to Beki river) ৷ লগতে গৰাখহনীয়াৰ ফলত ভাবুকি আহিছে বেকী নৈৰ পাৰ্শ্বৱৰ্তী বহুকেইখন গাঁৱৰ লগতে কেইবাখনো চৰকাৰী-বেচৰকাৰী অনুষ্ঠানলৈ ৷
কিন্তু কাৰ বলেৰে বলিয়ান হৈ আলতাফ হুছেইন আৰু শ্বহিদুল ইছলামে এই খনন অব্যাহত ৰাখিছে সেয়া বৰ্তমানেও অজ্ঞাত ৷ নিশাৰ সুযোগ গ্ৰহণ কৰি ৰাইজৰ বাধাৰ পাচতো বেকী নৈৰ বুকুত চলি আছে বালিখনন কাৰ্য (Sand mining in Beki river) ৷
অচিৰেই এই অবৈধ বালি খনন বন্ধ কৰি উদমাৰী,শওঁপুৰ, চানপুৰ, ৰছুলপুৰ, শোনাপুৰ, ৰুভী আদি গাঁৱৰ শ শ পৰিয়ালক বিপদৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজে ৷ বালিখনন ৰোধৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে দল-সংগঠনে (Protest against illegal sand mining) ৷ খোদ জনপ্ৰতিনিধিয়ে এনে কাৰ্যত নামি পৰাৰ বাবেও চিন্তিত হৈ পৰিছে ৰাইজ ৷
লগতে পঢ়ক: Srimanta Sankaradeva Sangha: দ্বিতীয় দিনাও উদুলি মুদুলি জোনাইৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ