thumbnail

By

Published : Jun 26, 2023, 12:07 PM IST

ETV Bharat / Videos

Hunting of Endangered birds : জনীয়াৰ মহম্মদপুৰত মুকলিকৈ চলিছে পক্ষী নিধন যজ্ঞ

জনীয়া, 26 জুন : বৰপেটা জনীয়াৰ মহম্মদপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ খেতিপথাৰত বিষ মিহলাই পক্ষীক দিয়া হৈছে খাদ্য ৷ ফলত হাজাৰ হাজাৰ বিলুপ্তিৰ পথত থকা দাগযুক্ত কপৌ (Spotted Dove)ৰ মৃত্যু হৈছে ৷ বৰপেটা জিলাৰ মহম্মদপুৰৰ হিকমত আলীৰ পুত্ৰ নাগৰ আৰু সাগৰ আলীয়ে নিজৰ খেতিডৰা পক্ষীৰ পৰা ৰক্ষা কৰাবলৈ এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

স্থানীয় লোকে এই পক্ষী নিধনৰ ঘটনাৰ বিষয়ে জানিব পাৰি অভিযুক্ত নাগৰ আৰু সাগৰ আলীক বাধা প্ৰদান কৰিছিল ৷ কিন্তু স্থানীয় লোকৰ এই বাধাকো নামানি নাগৰ আৰু সাগৰ আলীয়ে প্ৰতিদিনে এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে অভিযুক্ত নাগৰ আৰু সাগৰ আলীক তীব্ৰ গৰিহণা দিয়াৰ লগতে জিলা প্ৰশাসনক ঘটনাৰ উচিত তদন্ত কৰি অভিযুক্তক কৰায়ত্ত কৰাৰো দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক : Two minor drowned: নদীত গা ধুবলৈ লৈ দুই কিশোৰ সন্ধানহীন; মৃৃত অৱস্থাত উদ্ধাৰ এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.