Illegal gambling: জনিয়াত অবাধে চলিছে জুৱা - Illegal gambling news
🎬 Watch Now: Feature Video
জনিয়া, 24 মে’: বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত সঘনাই চলি আহিছে অবৈধ জুৱা খেল । বুধবাৰে ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা দলে কেইবা ঠাইতো অভিযান চলাই জুৱাৰ বিৰুদ্ধে । বলাইপাথাৰ গাঁৱৰ পথাৰৰ মাজত পুখুৰীৰ পাৰত টঙি ঘৰ সাজি অবাধে চলাই তকা হৈছে জুৱা খেল । কি ডেকা, কি যুৱক, কি বৃদ্ধ, সকলোৱে উবুৰি খাই পৰিছে জুৱা খেলত (Illegal gambling at Jania) ।
কিন্তু সাংবাদিকৰ কেমেৰা দেখি খেলা এৰি দৌৰ মাৰে জুৱাৰীৰ দলে । মোৱামাৰী চৰতো একেই অৱস্থা ৷ ১০-১২ জনীয়া যুৱকৰ দলে বাঁহনিৰ মাজত নিচিন্ত মনে খেলি আহিছে টাচপাতৰ জুৱা । একাংশ যুৱকে জুৱা খেলত ব্যস্ত হৈ থকাৰ মাজতে সাংবাদিক উপস্থিত হোৱাত জুৱাৰীয়ে যেনিয়েই যেনেকৈ পাৰে দৌৰি পলায়ন কৰে (Illegal gambling news)।
আৰক্ষীয়ে জুৱাৰিব বিৰুদ্ধে সঘনাই অভিযান চলোৱাৰ পিছতো অঞ্চলটোৰ বিভিন্ন প্ৰান্তত চলি আহিছে অবৈধ জুৱা খেল । যাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন নাগৰিকসকল (Jania gambling news) ৷
লগতে পঢ়ক: Liquor seized in Majuli: মাজুলীত দেশী-বিদেশী সুৰাৰ নৈ