পত্নীক কান্ধত তুলি বালাজী মন্দিৰৰ 70 টা চিৰি বগালে স্বামীয়ে - Viral on social media
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16542833-thumbnail-3x2-dhcsdb.jpg)
প্ৰেমত সকলো সম্ভৱ ৷ বলীউডৰ চিনেমাৰ দৰে পত্নীক কান্ধত তুলি 70 টা চিৰি বগালে এজন লোকে (Husband carrying his wife)৷ পত্নী প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱা এইজন ব্যতিক্ৰমী স্বামী ৷ পূব গোদাৱৰী জিলাৰ কাদিয়াম মণ্ডলৰ কাদিয়াপুলংকা অঞ্চলৰ ভাৰাদা ৱিৰাভেংকট সত্যনাৰায়ণে (সাতীবাবু) (Varada Weeravenkata Satyanarayana ) 24 বছৰ আগতে লাৱণ্যৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেওঁলোকৰ দুয়োগৰাকী কন্যা বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতে দম্পতীটোৱে শেহতীয়াকৈ বালাজীৰ দৰ্শনৰ বাবে তিৰুপতিলৈ গৈছিল ৷ কিন্তু বালাজী মন্দিৰৰ ওপৰলৈ গৈ থাকোতে পত্নীৰ ভাগৰ লাগে, তেওঁ আৰু খোজ কাঢ়িব নোৱাৰে বুলি স্বামীক কয় ৷ ফলত স্বামীয়ে পত্নীক কান্ধত তুলি লৈ বাকী থকা 70 টা চিৰি বগাই মন্দিৰ দৰ্শন কৰে ৷ তেওঁলোকৰ লগত যোৱা অন্য যাত্ৰীসকলে এই মুহূৰ্ত নিজ কেমেৰাত আৱদ্ধ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰে ৷ সম্প্ৰতি এই ভিডিঅ’ই সকলোকে মোহিত কৰি তুলিছে (Viral on social media)৷
Last Updated : Feb 3, 2023, 8:28 PM IST