Hailstorm in Karimganj : প্ৰচণ্ড ধুমুহা বৰষুণত প্ৰাণ গ’ল এটি শিশুৰ; কেইবাজনো চিকিৎসাধীন - Hundreds of houses collapsed in Patharkandi storm
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, 22 এপ্ৰিল : কৰিমগঞ্জত প্ৰচণ্ড ধুমুহা বৰষুণ ৷ ধুমুহাৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি সাধন ৷ জিলাখনৰ পাথাৰকান্দিত শ শ ঘৰ ভাঙি পৰিল প্ৰচণ্ড ধুমুহা-বৰষুণত । লগতে এটি শিশুৰো কৰুণ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে ৷ প্ৰচণ্ড ধুমুহা-বৰষুণত গছ-গছনিৰ লগতে উভালি পৰিল কেইবাটাও বিদ্যুতৰ খুঁটা ৷ ফলত অঞ্চলটোত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান (Hailstorm in Karimganj)।
ধুমুহাত ঘৰৰ চালত বাঁহ গছ পৰি মৃত্যু হৈছে এটি ৭ বছৰীয়া শিশুৰ । শিশুটি মধুৰবন্দৰ চেৰাগাঁৱৰ আমিৰউদ্দিনৰ বুলি জানিবলৈ পৰা গৈছে । উল্লেখযোগ্য যে, ধুমুহাত বহুকেইজন লোক আঘাতপ্ৰাপ্ত হোৱাৰ ফলত বৰ্তমান পাথাৰকান্দি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহতসকল । স্থানীয় ৰাইজে জনোৱা মতে, বৃহস্পতিবাৰে নিশা আৰু শুকুৰবাৰৰ পুৱা অহা ধুমুহাই খেতি-শস্যৰ ব্যাপক ক্ষতি সাধন কৰিছে (Heavy rain and hailstorm in Karimganj) । ঘ
প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত বুৰুংগা, ডেংগাৰবন্দ, হাতীখিৰা, বাঘাণ, কলকালিঘাট, চান্দখীৰা, লোৱাইৰপোৱা, বালিপিপলা, ফৰিদকোনা-দোহলীয়া ঝেৰঝেৰী জিপি অঞ্চলত ব্যাপক ক্ষতিসাধন কৰা বুলি জানিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক : Angkita Dutta Controversy: কংগ্ৰেছত নেতৃত্বৰ অভাৱ, দলটোত কোনেও কাকো নমনা হৈছে: মনোজ ধানোৱাৰ
TAGGED:
Hailstorm in Karimganj