Drug smuggler arrested: 10 টা চাবোনৰ বাকচত 10 কোটি টকাৰ ড্ৰাগছ; আৰক্ষীৰ জালত সৰবৰাহকাৰী
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, 3 ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ মণিপুৰৰ পৰা অসমৰ কৰিমগঞ্জ হৈ ত্ৰিপুৰালৈ সৰবৰাহ কৰাৰ সময়তে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰা আৰক্ষীয়ে ৷ অসম-ত্ৰিপুৰা সীমান্ত অঞ্চলত ত্ৰিপুৰাৰ দমচৰা আৰক্ষীয়ে অভিযান চলাই এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত ড্ৰাগছখিনি ওজন প্ৰায় 1 কিঃগ্ৰাঃ 309 গ্ৰাম আৰু বজাৰৰ মূল্য প্ৰায় 10 কোটি হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি কৰিমগঞ্জ হৈ ত্ৰিপুৰাত প্ৰৱেশৰ পাচতে ত্ৰিপুৰাৰ দমচৰা আৰক্ষীয়ে এখন বাহনৰ পৰা ড্ৰাগছসহ খলিল উদ্দিন নামৰ ড্ৰাগছসৰবৰাহকাৰীক আটক কৰে ৷ উক্ত ড্ৰাগছখিনি বাহনখনৰ গোপন কক্ষত 10 টা চাবোনৰ বাকচত লৈ আহিছিল ৷
লগতে পঢ়ক:Tragic road mishap : কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু