Unnatural death of fish in Nalbari: নলবাৰীত মৰিছে শ শ মাছ ! - Unnatural death of fish in Nalbari

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 20, 2023, 6:26 PM IST

নলবাৰী, ২০ জুন: নলবাৰী জিলাৰ মাধাপুৰত মৎসপালকৰ হাহাকাৰ । মাধাপুৰত একাংশ বেটাৰী ব্যৱসায়ীয়ে বেটাৰীৰ পৰা ওলোৱা এচিড পানী যধে মধে পেলোৱাত ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ খেতিপথাৰৰ লগতে পুখুৰীৰ পানী । মাধাপুৰৰ সোনাচা আলী নামৰ মৎসপালকজনৰ তিনি বিঘা মাটিৰ এটা পুখুৰীত বেটাৰীৰ পৰা ওলোৱা এচিড পানী মিহলি হোৱাত এনেদৰে মাছবোৰৰ মৃত্যু হোৱা বলি অভিযোগ উত্থাপিত হৈছে ।

উল্লেখযোগ্য যে একাংশ বেটাৰী ব্যৱসায়ীয়ে বেটাৰীৰ পৰা ওলোৱা এচিড পানী যতে ততে পেলোৱাত এতিয়া অঞ্চলটোৰ পুখুৰীকে ধৰি খেতিপথাৰত বৰষুণৰ পানীৰ সৈতে মিহলি হোৱাত বিপাঙত পৰিছে । মৎসপালক সোনাচা আলীয়ে প্ৰশাসনক এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । এই মৎসপালকজনে ইয়াৰ ফলত প্ৰায় ৮০ হাজাৰ টকাৰ মাছৰ মৃত্য়ু হোৱা বুলি কয় ।

লগতে পঢ়ক:Assam flood: কাপলাবড়িৰ জৰাজীৰ্ণ মথাউৰিয়ে বিপদ মাতিছে নৈপৰীয়া ৰাইজলৈ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.