ধুবুৰীত নিষিদ্ধ নিচাযুক্ত সামগ্ৰী দাহন - নিষিদ্ধ ড্ৰাগছ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 11:00 PM IST

ধুবুৰী, 30 ডিচেম্বৰ : শনিবাৰে ধুবুৰীৰ গৌৰীপুৰৰ ৰঙামাটি পাহাৰত ১৮ কোটি ৫৭ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ দাহন কৰা হয় । দাহন কৰা ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যখিনিৰ ভিতৰত ১,৮২৯ কিলোগ্ৰাম গাঞ্জা, ২৮২ গ্ৰাম হেৰ’ইন, ১৬০ গ্ৰাম ব্ৰাউন ছুগাৰ, ৫০ হাজাৰ টেবলেট আৰু ৮৬ হাজাৰটা কফ চিৰাফ থকা বুলি জানিবলৈ দিয়ে জিলা আৰক্ষী অধীক্ষক নবীন সিঙে ।

ধুবুৰী জিলাৰ ৮ খনকৈ থানাৰ মুঠ ১৩৬ টা গোচৰৰ ভিত্তিত বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী । এগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়াৰ উপস্থিতিত জিলা আৰক্ষী অধীক্ষক নবীন সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক দীপ্তি মালীয়ে উপস্থিত থাকি দাহন কৰে নিষিদ্ধ ড্ৰাগছসহ নিচাজাতীয় দ্ৰব্যসমূহ । নিচাজাতীয় কফ চিৰাফসমূহ জেচিবি আৰু ৰোলাৰৰ জৰিয়তে নষ্ট কৰি মাটিৰ তলত পুতি ৰখা হয় ।

এটা প্ৰজন্মক ধ্বংস কৰি পেলোৱা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ লগতে পূৰ্বৰ তুলনাত এই বছৰ ড্ৰাগছৰ গোচৰৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক নবীন সিঙে । ইপিনে ধুবুৰী জিলা কাৰাগাৰত কয়দীক ড্ৰাগছ যোগান ধৰাৰ অভিযোগত যোৱা পৰহি গ্ৰেপ্তাৰ হোৱা বিভাজন বসুমতাৰী আৰক্ষীৰ লোক নহয় বুলি উল্লেখ কৰে তেওঁ ৷

কাৰাগাৰৰ এজন ৱাৰ্ডেন বুলি উল্লেখ কৰি তেওঁৰ বিৰুদ্ধে ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষক নবীন সিঙে । লক্ষণীয় বিষয় যে, কাৰাগাৰত কৰ্মৰত এজন ৱাৰ্ডেন হৈয়ো নিচাজাতীয় টেবলেট আৰু গাঞ্জা কয়দীক যোগান দিবলৈ গৈ হাতে লোটে ধৰা পৰাৰ পিচতেই কাৰাগাৰ অধীক্ষকে ধুবুৰী সদৰ আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰাগাৰত কৰ্মৰত ৱাৰ্ডেনক । 

বহু দিনৰ পৰাই জিকা কাৰাগাৰত থকা কয়দীক নিচাজাতীয় দ্ৰব্য, গাঞ্জা অথবা নিষিদ্ধ ড্ৰাগছৰ যোগান দিয়াৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কাৰাগাৰত কৰ্মৰত স্বয়ং এজন ৱাৰ্ডেনে এই কাৰ্যত জড়িত থকা বুলি প্ৰমাণ হোৱাৰ পিচত অভিযোগৰ সত্যতাৰ প্ৰমাণ স্পষ্ট হৈ পৰিছে । এই ঘটনাই জিলা কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে ৷

লগতে পঢ়ক : মাঞ্জাত বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.