thumbnail

By

Published : Apr 4, 2023, 1:43 PM IST

ETV Bharat / Videos

Cough syrup seized at Churaibari : কৰিমগঞ্জত 10 লক্ষাধিক টকাৰ কফ চিৰাপ জব্দ

কৰিমগঞ্জ, 4 এপ্ৰিল :  কৰিমগঞ্জ জিলাৰ চুৰাইবাৰী আৰক্ষীয়ে পথত চলোৱা তালাচীৰ মাজতে বৃহৎ পৰিমাণৰ কফ চিৰাপভৰ্তি এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত চুৰাইবাৰী আৰক্ষীৰ চক্ৰ পৰিদৰ্শক নিৰঞ্জন দাসে জনোৱা মতে, গুৱাহাটীৰ পৰা অহা এখন ৬ চকীয়া কণ্টেইনাৰ বাহন চুৰাইবাৰীত উপস্থিত হোৱাৰ সময়তে চুৰাইবাৰী আৰক্ষী চকীৰ এটা দলে বাহনখনত তালাচী চলায় (Churaibari police detained two with cough syrup)। 

তালাচীত আৰক্ষীয়ে মুঠ ১০ টা বস্তাৰ পৰা মুঠ ২০০০ বটল কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয় । চক্ৰ পৰিদৰ্শক নিৰঞ্জন দাসে জব্দকৃত কফ চিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে । আৰক্ষীয়ে গাড়ীচালক ৰঞ্জিত বিশ্বৰ লগতে আন এজন চালক ডিংছান কে চাংমাক গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে (Huge amount of cough syrup seized in Karimganj) । 

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Pathetic road condition: পথ নিৰ্মাণৰ নামত ৰহাত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.