Howraghat Chowmin Tragedy : হাওৰাঘাটৰ খাদ্যৰ বিষক্ৰিয়াকাণ্ড; আজিও ন্যায়ৰ আশাত বন্দী তন্ময় বৰা ৰংপীৰ পৰিয়াল

By

Published : Apr 24, 2023, 1:15 AM IST

thumbnail

ডিফু, ২৩ এপ্ৰিল : আজিও মাৰ যোৱা নাই হাওৰাঘাটৰ চাওমিনকাণ্ডৰ উত্তেজনা (Howraghat Chowmin Tragedy)৷ আদি পৰ্যন্ত ন্যায় নাপালে স্বৰ্গীয় তন্ময় বৰা ৰংপীৰ পৰিয়ালে ৷ হাওৰাঘাটৰ সেই চাওমিনকাণ্ড সন্দৰ্ভত দেওবাৰে মৃত তন্ময় বৰা ৰংপীৰ পৰিয়ালে আয়োজন কৰে সংবাদমেলৰ ৷ ১৮ টা দিনে তদন্তৰ নামত কেৱল ভেকোভাৱনা হোৱা বুলিহে সংবাদ মাধ্যমৰ জৰিয়তে অভিযোগ উত্থাপন কৰে তন্ময়ৰ পৰিয়ালৰ লোকে ৷

তথ্য অনুসৰি, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বিগত ২৮ মাৰ্চৰ দিনা ‘‘ৰাজু হোটেল’’ নামৰ স্থানীয় এখন হোটেলত চাওমিন খাইছিল হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ ১২ গৰাকী কৈ ছাত্ৰ-ছাত্ৰীসহ শিক্ষকে ৷ তাৰ পাচতে শিক্ষাৰ্থীসহ অসুস্থ হৈ পৰিছিল শিক্ষকো ৷ আনকি পৰৱৰ্তী পৰ্যায়ত সকলো ভৰ্তি হ’ব লগা হৈছিল চিকিৎসালয়ত (Food poisoning case at Howraghat) ৷

খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰা শিক্ষাৰ্থীৰ মাজৰে তন্ময় বৰা ৰংপি নামৰ ছাত্ৰজনে যোৱা ৩১ মাৰ্চৰ দিনা চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল ৷ তাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া ৷ আনকি উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী তন্ময় বৰা ৰংপিৰ পৰিয়ালটো কাষ চাপিছিল আৰক্ষীৰো ৷

ফৰেঞ্চিকৰ দলসহ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ কিন্তু সেই তদন্তৰ পিচতো আজি পৰ্যন্ত ন্যায় লাভ নকৰিলে ভুক্তভোগী পৰিয়ালটোৱে ৷ দেওবাৰে এক সংবাদমেল সম্বোধন কৰি এই ক্ষোভ উজাৰিলে ভুক্তভোগী পৰিয়ালটোৱে ৷

লগতে পঢ়ক : Howraghat Chowmin Tragedy: খাদ্যত বিষক্ৰিয়া হৈ ১২ বছৰীয়া ছাত্ৰৰ অকাল মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.