thumbnail

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 12:54 PM IST

ETV Bharat / Videos

Heavy strom in hojai : ধুমুহাই তচ-নচ কৰিলে বহু পৰিয়ালৰ বাসগৃৃহ

হোজাই, 13 অক্টোবৰ: হোজাইৰ জিলাৰ কাকী অঞ্চলত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ ৷ নিশাৰ ভাগত অহা এজাক বৰষুণে তচ-নচ কৰি থৈ যায় বহুতৰে বাসগৃহ ৷ বৃহস্পতিবাৰৰ নিশা অহা এজাক ধুমুহা -বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে অঞ্চলটোত । প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি বহুকেইটা পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি সাধন হয় । কথমপি প্ৰাণ ৰক্ষা পৰে ক্ষতিগ্ৰস্ত পৰিয়ালৰ সদস্যকেইজনৰ ।

ঘটনা অনুসৰি যোৱা নিশা প্ৰায় 9.30 মান বজাত আহে ধুমুহা-বৰষুণজাক ৷ যিয়ে বিস্তৰ ক্ষতি সাধন কৰি থৈ যাম পুৰণা কাকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰামপুৰগাঁৱৰ বহুকেইটা পৰিয়ালৰ ঘৰ । নিশা অহা এই ধুমুহা- বৰষুণত অঞ্চলটোৰ বহুকেইজন লোকৰ ঘৰত গছ-গছনি উভালি পৰি বহুকেইটা বাসগৃহৰ ভাঙি পেলোৱাৰ লগতে খেতি পথাৰৰো বিস্তৰ ক্ষতি-সাধন হয় বুলি জানিব পৰা গৈছে  । 

লগতে পঢ়ক:  Lok Sabha Elections 2024: ‘য’তেই খালী মাটি চকুত পৰিছে সেইখিনিকেই দখল কৰি লৈছে মুখ্যমন্ত্ৰীয়ে’- অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.